ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

Screenshot 20200524 182511

১. ৰেল আৰু বাছৰ সেৱা পুনৰ আৰম্ভ কৰিলে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হ’ব আশংকা কৰিছে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ শেহতীয়াকৈ কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়িছে ৷

২. উত্তৰ পূবত এই সময়ছোৱাত বাঢ়িছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ বিশেষকৈ মণিপূৰত ২৯ জন ৰোগী, ত্ৰিপুৰাত ১৮৯ জন , মেঘালয়ত ১৪ জন আৰু ছিকিমতো আক্ৰান্ত হৈছে কৰ’নাত ৷

৩. কৰ’না পৰীক্ষাৰ ক্ষেত্ৰত অসম সুন্দৰ পৰ্যায়ত উপনীত হৈছে ৷

৪. আজিৰ দিনটোলৈকে ৫৯,৫৫৩ জনৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷প্ৰতিদিনে প্ৰায় ২,৫০০ লোকৰ পৰীক্ষা সম্পন্ন ৷

৫. অসমত সম্প্ৰতি আৰোগ্যৰ হাৰ ১৬.১৯ শতাংশ ৷

৬. কৰ’না ভাইৰাছত আক্ৰান্তসকলৰ ৩৯ শতাংশ তবলিগী জামাতৰ লগত জড়িত ৷

৭. বহিঃৰাজ্যৰ পৰা খোজকাঢ়ি,গাড়ীৰ দ্বাৰা অহা লোকৰ সংখ্যা ৩৯,১৭৯ জন ৷ উত্তৰ পূবৰ বাকী ৰাজ্য কেইখনৰ পৰা অহা লোকৰ সংখ্যা ৪,৮৮৭ জন ৷

৮. ৰেলেৰে আহিলে ১৬,৩৮৪ জন লোক ৷

৯. আনহাতে ৫০০০ লোকৰ বাবে অসমৰ চিকিৎসালয়ত আসন আছে ৷

১০. আমি নিজৰ কৌশলেৰে কাম কৰি গৈ আছো ৷

১১. এম এম চিত ৰোগী চিকিৎসাধীন হৈ আছে ৷

১২. এখন চিকিৎসালয় সম্পূৰ্ণ হ’লে আন এখন ব্যৱহাৰ কৰিম ৷

১৩. ইফালে সোমবাৰৰ পৰা আৰম্ভ হ’ব বিমান সেৱা ৷

১৪. বাহিৰৰ পৰা অহা লোকসকলক কোৱাৰেন্টাইন কৰা হ’ব ৷

১৫. ৭৫ বছৰৰ কোনো লোক বাহিৰৰ পৰা আহিলে তেওঁক কোৱাৰেন্টাইন কৰা হ’ব ।

১৬. গৰ্ভৱতী মহিলা,বিশেষভাৱে সক্ষম,১০ বছৰৰ তলৰ লোকসকলক কৰা হ’ব কোৱাৰেন্টাইন ৷

১৭. কিন্তু বিমানৰ স’তে জড়িত লোকসকলক কোৱাৰেন্টাইন কৰা নহয় ৷

১৮. ইফালে কোনো লোক পুৱা গুৱাহাটীলৈ আহি বিয়লি ঘূৰি গ’লে তেওঁক কোৱাৰেন্টাইন কৰা নহয় ৷

১৯. আনহাতে ঘূৰি যাম বুলি কৈ ঘূৰি নগ’লে তেওঁলোকৰ সেয়া অপৰাধ বুলি গণ্য কৰা হ’ব ৷

Exit mobile version