আমপানৰ পৰা ৰেহাই নাপালে দুই শতাব্দী প্ৰাচীন মহা বটবৃক্ষই

uprooted trees

মহাঘূর্ণী আমপানৰ পৰা ৰেহাই নাপালে কলকাতাৰ শিৱপুৰ ব’টানিকেল গাৰ্ডেনৰ গৰ্ব দুই শতিকাৰো অধিক কাল ধৰি স্ব-মহিমাৰে থিয় হৈ থকা মহা বটবৃক্ষয়ো । এই ঐতিহাসিক উদ্ভিদ উদ্যান খনৰ যুগ যুগ ধৰি প্ৰধান আকৰ্ষণ আছিল এই বিয়াগোম বটবৃক্ষজোপা । ২৫০বছৰ প্ৰাচীন এই বটবৃক্ষও শক্তিশালী আমপানৰ কবলত পৰি ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হয় । এই অতি প্ৰাচীন গছজোপাৰ পৰিধি হৈছে তিনিশ মিটাৰ । বিয়াগোম গছজোপাই ডেৰ একৰ ভূমি ব্যাপী শ শ জৰী লৈ আজিও বিৰাজমান হৈ আছে ।

প্ৰাচীন গছজোপা বাগৰি নপৰিলেও উদ্যানখনৰ গৰ্বৰ সমল এই বিশাল গছজোপাৰ পুৰণি অংশৰ যথেষ্ট ক্ষতিসাধন হয় । কাৰ্যতঃ কাণ্ডৰ চেহেৰা লোৱা বহু বছৰীয়া গুৰিটোৰ অধিকাংশ ই ক্ষতিগ্ৰস্ত হৈ পৰিছে।এই শতাব্দীপ্ৰাচীন বটজোপাৰ ক্ষতিৰ বিষয় টোৰ স্বীকাৰ কৰিছে উদ্যানৰ যুটীয়ে সঞ্চালক কনাদ দাসে । অৱশ্যে এই বটবৃক্ষজোপাই নহয়, উদ্ভিদ উদ্যানখনৰ পাঁচ শতাধিক দেশী-বিদেশী মূল্যবান গছৰো ক্ষতিসাধন হৈছে । অনেক দুষ্প্ৰাপ্য গছো শিপাৰে স’তে উভালি পৰিছে ।

Exit mobile version