আমাজনৰ আদিবাসী সকলে গছৰ বাকলিৰে চাহ পান কৰি চিকিৎসা কৰিছে কৰ’নাৰ

IMG 20200527 164019

আমাজনৰ গভীৰ অৰণ্যও এতিয়া কৰ’নাৰ গ্ৰাসত । আমাজন অঞ্চল এতিয়া কৰ’না আক্ৰান্তৰ সংখ্যাই ইতিমধ্যে ২০হেজাৰৰ সীমা অতিক্ৰম কৰিছে । এতিয়ালৈ মৃত্যু হৈছে ১৫শ জনৰো অধিক লোকৰ । এনে বৃহৎ সংখ্যক লোকৰ মৃতদেহ সমাধিস্থ কৰিবলৈ গনকবৰ খান্দিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে আমাজনত । কিন্ত জীৱন সংকটৰ এই সময়ত আমাজন বাসীয়ে কৰ’নাৰ চিকিৎসা কিদৰে কৰিছে তাকলৈয়ো আৰম্ভ হৈছে চর্চা । আমাজনৰ বাসিন্দা সকলে এই সংকটৰ সময়ত গভীৰ অৰণ্যত বিচাৰি ফুৰিছে ঔষধি বৃক্ষ ।আমাজনৰ বাসীন্দা সকলৰ পূৰ্বপুৰুষেও শত শত বছৰ ধৰি ৰোগৰ চিকিৎসা কৰি আহিছে বিভিন্ন প্ৰাকৃতিক ভাৱে উপলব্ধ উপাদানৰেই।কৰ’না চিকিৎসাৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই ।

স্থানীয় আদিবাসী নেতা আন্ড্ৰে চাতেৰি মাউৱিয়ে কৰ’না চিকিৎসা সন্দৰ্ভত কয়, ‘আমি কৰ’নাৰ লক্ষণ অনুযায়ী আমাৰ পৰম্পৰাগত তথা ঐতিহ্যগত ঔষধৰে ইয়াৰ চিকিৎসা কৰিছো । আমি বংশ পৰম্পৰা অনুসৰি ঔষধি গছৰ বিষয়ত ব্যাপকভাৱে জ্ঞান অৰ্জন কৰিছো । এই জ্ঞানৰ দ্বাৰাই কৰ’নাৰ চিকিৎসা কৰিছো।’ এনে জ্ঞানৰ ভিন্ন ভিন্ন চিকিৎসাও কৰি থকা হৈছে । কৰ’না চিকিৎসাৰ ক্ষেত্ৰত আদিবাসী আৰু উপজাতিসমূহৰ মাজত ‘কাৰাপানাউবা’ গছৰ বাকলিৰে চাহ প্ৰস্তুত কৰি পান কৰা হয় ইয়াৰ দ্বাৰা পেটৰ বিভিন্ন ৰোগৰো উপশম লাভ কৰিব পাৰি । মেলেৰিয়াৰ পৰা উপক্ষম লাভ কৰিবলৈ ব্যৱহাৰ কৰা ‘চাৰাকুৰামিৰা’গছৰ বাকলিও সম্প্ৰতি কৰ’নাৰ চিকিৎসাত ব্যৱহাৰ কৰি থকা হৈছে।ইয়াৰ বাহিৰেও আমি গছৰ বাকলি, পুদিনা আৰু মৌৰ ব্যৱহাৰো কৰ’না চিকিৎসাত ব্যৱহাৰ কৰা হৈছে।

এই কথা সদৰী কৰি ভালছা ফেৰেৰা ডি চুজাই কয়,’সেই সময়ত মোৰ শৰীৰ যথেষ্ট দুৰ্বল লাগিছিল । অনুভৱ হৈছিল মই সঠিকভাৱে শ্বাস-প্ৰশ্বাস ল’ব পৰা নাই । মোৰ হাওঁফাওঁত যেন কিবা সমস্যা হৈছিল । ইয়াৰ পাছত মই ঘৰতে বনোৱা চিৰাপ পান কৰিলো । চিৰাপ পান কৰাৰ পাছতে মই সুস্থ অনুভৱ কৰো।’ আদিবাসী নেতা মাউবিয়ে এনেদৰে ঔষধ বনোৱাটো তেওঁৰ ককাদেউতাক মাৰ্কোছৰ পৰা শিকিছিল । বৰ্তমান মাৰ্কোছৰ বয়স ৯৩ বছৰ । তেওঁ যি জানে তাৰ জ্ঞান বৰ্তমান উঠি অহা সকলক দি আছে । ব্ৰাজিলৰ আদিবাসী জনগোষ্ঠীৰ সংগঠনৰ পৰা দিয়া তথ্য অনুসৰি আমাজনৰ দুকুৰি আদিবাসী গোষ্ঠীৰ মাজত কৰ’না ভাইৰাছ বিয়পি পৰিছে ।আক্ৰান্ত হৈছে ৫৪০জনৰো অধিক । এই পর্যন্ত মৃত্যু হৈছে ১০২ জনৰ ।

Exit mobile version