কৰ’না সংক্ৰমণৰ প্ৰধান কেন্দ্ৰবিন্দু হৈ পৰিছে আমেৰিকাঃ বিশ্ব স্বাস্থ্য সংস্থা

প্ৰযুক্তি বিদ্যাৰে উন্নত আমেৰিকা হৈ পৰিছে কৰ’না সংক্ৰমণৰ প্ৰধান কেন্দ্ৰস্থল ৷ এই মন্তব্য বিশ্ব স্বাস্থ্য সংস্থাৰ ৷ এই প্ৰসংগত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক কেৰিচা ইটিনে ভিডিঅ’ কনফাৰেঞ্চ জৰিয়তে কয় যে এইয়া তলাবন্ধ শিথিল কৰাৰ সময় নহয় ৷ ইতিমধ্যে আমেৰিকাৰ বিশেষজ্ঞসকলে কয় যে আগষ্টলৈকে ব্ৰাজিল আৰু আমেৰিকাত কৰ’নাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হ’ব ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক কেৰিছ ইটিনৰ মতে আমেৰিকাত এতিয়ালৈকে প্ৰায় ২৪ লাখ লোক কৰ’নাত আক্ৰান্ত হৈছে ৷লগতে কৰ’নাত মৃত্যু হৈছে ১,৪৩,০০০ জন লোক ৷ প্ৰতিদিনে আমেৰিকাত বৃদ্ধি হোৱা কৰ’নাৰ আক্ৰান্তৰ সংখ্যাই সম্প্ৰতি ইউৰোপকে ধৰি বহু কেইখন দেশ তথা কৰ’না উৎপত্তিস্থল চীনকো পিছ পেলালে । কেৰিছা ইটিনে কয় যে ইতিমধ্যে আমেৰিকা ক’ভিড ১৯ ৰ প্ৰধান কেন্দ্ৰস্থল হৈ পৰিছে । এই সময়তো আমেৰিকাৰ কাৰণে হৈ পৰিছে প্ৰত্যাহ্বানৰ সময় ৷বিশ্ব স্বাস্থ্য সংস্থাৰ মতে পেৰু, চিলিটো সম্প্ৰতি কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ৷

আনহাতে বিগত সময়ত বিশ্ব স্বাস্থ্য সংস্থাই কৰ’না সংক্ৰমণ হ্ৰাস হৈ থকা দেশসমূহক জাননী দিছিল যে কৰ”নাৰ সংক্ৰমণ তাৎক্ষণিকভাৱে বাঢ়ি যাব পাৰে । গতিকে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব লাগে ৷ উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাই যি সমূহ দেশত সম্প্ৰতি কৰ’না ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে তাত কৰ’নাৰ সংক্ৰমণ পুনৰ হোৱাৰ আশংকা প্ৰকাশ কৰিছে ।

ইপিনে বিশ্বত এই পৰ্যন্ত ৫,৫৮৯,৬২৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷ মৃত্যু হৈছে ৩,৫০,৪৫৩ জন লোক আৰু সুস্থ হৈ উঠিছে ২,২৮৬,৯৫৭ জন লোক৷ ভাৰতত এই পৰ্যন্ত ক’ভিড১৯ত আক্ৰান্ত হৈছে ১,৫১,৭৬৭ জন ৷ মৃত্যু হৈছে ৪,৩৩৭ জন আৰু সুস্থ হৈ উঠিছে ৬৪,৪২৫ জন লোক ৷বিগত ২৪ঘন্টাত ভাৰতত ৬,৩৮৭ জন লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

Exit mobile version