জুনৰ পৰা দশম-দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ

jaimatha school img 4

সুদীৰ্ঘ আঢ়ৈ মাহৰ আকস্মিক বিৰতিৰ অন্তত অহা জুনৰ পৰা ৰাজ্যত পর্যায়ক্ৰমে মুকলি কৰা হ’ব শিক্ষানুষ্ঠানসমূহ । প্ৰথম পৰ্যায়ত দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিবলৈ শিক্ষা বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে । তাৰ বাবে ৰাজ্যত শিক্ষা বিভাগে কেন্দ্ৰৰ লগত প্ৰয়োজনীয় যোগাযোগ কৰিছে আৰু সকলো ঠিকে ঠাকে থাকিলে অহা পহিলা জুন অথবা ১৫ জুনৰ পৰা শ্রেণীসমূহ আৰম্ভ হ’ব ।

অৱশ্যে পাঠদান তথা পাঠ গ্ৰহণ ব্যৱস্থাত বলবৎ হ’ব নতুন ব্যৱস্থা । উল্লেখ্য যে ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যোৱা ২৪ মাৰ্চৰ পৰা দেশত প্রথম পৰ্যায়ৰ ২১ দিনীয়া তলাবন্ধ ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । তাৰ পূৰ্বে অসম চৰকাৰে নিজাববীয়াকৈও ৰাজ্যত বন্ধ ঘোষণা কৰিছিল ।

ইয়াৰ ফলত অন্যান্য সকলো ক্ষেত্ৰৰ লগতে শিক্ষানুষ্ঠানসমূহো আকস্মিক ভাৱে অনিৰ্দিষ্ট কালৰ বাবে বন্ধ হৈ পৰে । সম্প্ৰতি এই বন্ধই দুমাহ অতিক্ৰম কৰিলে। মঙলবাৰে শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি নতুন ব্যৱস্থাটোত ছাত্ৰ-ছাত্ৰী সকলে তেওঁলোকে যিখন শিক্ষানুষ্ঠানত অধ্যয়ন কৰে তাত পাঠ গ্ৰহণৰ পূৰ্বৰ দৰে বাধ্যবাধকতা নাথাকিব।

তাৰ পৰিৱৰ্তে তেওঁলোক য’তেই আবদ্ধ হৈ আছে তাৰেই শিক্ষানুষ্ঠানত পাঠ গ্ৰহণ কৰিব লাগিব। ইয়াৰ বাবে আমাৰ সকলো ব্যৱস্থা সাজু হৈ আছে। যিকোনো মুহূৰ্তত নতুন এই ব্যৱস্থাৰ বিষয়ে ঘোষণা হ’ব।’ ড° শৰ্মাই উল্লেখ কৰে যে শিক্ষানুষ্ঠান সমূহ পুনৰ আৰম্ভ কৰা বিষয়ত শিক্ষা বিভাগে প্ৰয়োজনীয় দিশবোৰ পৰ্যালোচনা কৰি আছে।

Exit mobile version