ৰাজ্যৰ প্ৰথমতো বানত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি বানাক্ৰান্তৰ মাজত

unnamed 2

বছৰৰ প্ৰথমটো বানত বিধ্বস্ত হৈ পৰিছে জন জীৱন ৷ কৰ’না ভাইৰাছৰ সমান্তৰালভাৱে সাম্প্ৰতিক সময়ত অসমত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । সম্প্ৰতি ৰাজ্যৰ বহুকেইখন জিলাৰ বানাক্ৰান্তই আশ্ৰয় লৈছে বিদ্যালয় আৰু পথৰ ওপৰত ৷ মৰিগাঁও জিলাৰ লাহৰীঘাট বাসীৰ নিদ্ৰা হৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ লগতে বানৰ তাণ্ডৱে ৷বাৰিষা অহাৰ লগে লগে লাহৰীঘাটত সৃষ্টি হৈছে এক আতংকময় পৰিবেশ ৷ একেই পৰিস্থিতি সৃষ্টি হৈছে হোজাই, গোৱালপাৰা, বাক্সাৰ শালবাৰী, চাবুৱা, নগাঁও, নগৰবেৰা, কামপুৰ আদি ঠাইতো। বিগত দুই তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হোজাইত প্ৰায় নখন গাঁও প্লাবিত হৈছে । বৰষুণৰ সমান্তৰালকৈ ফেনেফুটুকাৰে বাঢ়িছে হোজাইৰ কপিলী নৈ ৷ সম্প্ৰতি বানত সকলো হেৰুৱাই গাঁৱবাসীয়ে আশ্ৰয় লৈছে বিদ্যালয় আৰু পথৰ ওপৰত ৷ গোৱালপাৰা জিলাতো ধাৰাসাৰ বৰষুণ আৰু ধুমুহাৰ তাণ্ডৱে বিপৰ্যস্ত হৈ জিলাখনৰ জনজীৱন ৷

ইফালে জিলাখনৰ উপনৈসমূহৰ পানী বিপদসীমাৰ তললৈ নামি আহিছে যদিও আজিও লক্ষীপুৰ, বালিজানা, দুধনৈ আৰু মাটিয়া ৰাজহ চক্ৰৰ মুঠ ১৭৯ খন গাঁও বানত বুৰ গৈছে ৷ ইতিমধ্যে জিলাখনত বানত আক্ৰান্ত হৈছে ২,১৫,৪৮৫ জন লোক ৷বাক্সাত কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে কৃষকৰ লগতে মীনপালকসকলে । ইপিনে জল সম্পদ বিভাগৰ খহনীয়া প্ৰতিৰোধ আঁচনিৰ নামত সংঘটিত ব্যাপক দুৰ্নীতি অনিয়মৰ দুৰ্ভোগ ভূগিব লগীয়া হৈছে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ বৰঘূলি আৰু ভূৰবন্ধা অঞ্চলৰ ৰাইজে । শেহতীয়াভাৱে জিলাখনৰ একাধিক মছজিদ, শিক্ষানুষ্ঠান, বহু লোকৰ বাসগৃহ লুইতত জাহ গৈছে ৷ চাবুৱা ৰাজহ চক্ৰৰ ৮ খন গাঁও পঞ্চায়তৰ গাঁও বান আৰু গৰাখহনীয়াত ক্ষতি হৈছে ৷

লাহৰীঘাট বাসীৰ নিদ্ৰাহৰণ কৰিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ লগতে বানৰ তাণ্ডবে ৷ কিন্তু এই ক্ষেত্ৰত প্ৰশাসনৰ কোনো কাণসাৰ নাই ৷বানৰ পৰা ৰক্ষা পাবলৈ এতিয়া বানাক্ৰান্তই নিৰ্মীয়মাণ মথাউৰিৰ ওপৰত আশ্ৰয় লৈছে ৷ আনহাতে হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ কপিলীপৰীয়া ২০/২৫ খন গাঁও প্লাবিত হয় ৷ উল্লেখযোগ্য যে বছৰৰ প্ৰথমটো বানতে ৰাজ্যত হোৱা পৰিস্থিতিলৈ লক্ষ্য কৰিলে অনাগত দিনত নৈ পৰীয়া ৰাইজৰ মাজত যে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব সেয়া সহজেই অনুমেয় ৷গতিকে এই সন্দৰ্ভত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা ল’ব সেয়াহে হ’ব লক্ষ্যণীয় ।

Exit mobile version