বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ৰখা কোৱাৰেন্টাইন কেন্দ্ৰসমূহত প্ৰয়োজনীয় সা সুবিধা লাভ কৰা নাই বুলি অভিযোগ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই । আজি সংবাদমাধ্যমৰ আগত অসমৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত মত ব্যক্ত কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই কয় যে কোৱাৰেন্টাইন কেন্দ্ৰসমূহৰ পৰিস্থিতি অবৰ্ণনীয় ৷
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ ঘোষণা কৰা ২০ লাখ কোটি টকাৰ সন্দৰ্ভত মত ব্যক্ত কৰি ৰিপুন বৰাই কয় যে মোদীয়ে ঘোষণা কৰা টকাসমূহ লোণ হিচাপে নহয় ৷ দৰিদ্ৰক প্ৰতিমাহে ৭.৫০০ টকাকৈ ছমাহৰ বাবে প্ৰদান কৰিব লাগে ৷ সম্প্ৰতি বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলৰ সন্দৰ্ভতো মন্তব্য কৰে ৰিপুন বৰাই ৷ আৱদ্ধ হৈ থকা লোকসকলক ৰাজ্য চৰকাৰে নিজা খৰচত অসমলৈ আনিবলৈ আহ্বান কৰে ৰিপুন বৰাই ।
আনহাতে ৰিপুন বৰাই এমজিএনৰেগাৰ সময়সীমা ১০০ দিনৰ পৰিৱৰ্তে ২০০দিনলৈ বৃদ্ধি কৰিবলৈ কয় ৷ এই সন্দৰ্ভত বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াৰ যোগেৰে এক প্ৰচাৰ অভিযান চলোৱাৰ কথাও কয় ৰিপুন বৰাই ৷ শেহতীয়াকৈ ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ সকলো বিষয় ববীয়াই জন সাধাৰণক সামাজিক দূৰত্ব বৰ্তাই ৰাখি কৰ’না সংক্ৰমণক প্ৰতিৰোধ কৰিবলৈ আহ্বান কৰিছে ৷
এই সন্দৰ্ভত ৰিপুন বৰাই কয় যে সম্প্ৰতি মন্ত্ৰীসকলেই সামাজিক দূৰত্ব মানি নচলে ৷ তেওঁলোকে সাধাৰণ জনগণক কেনেদৰে বুজাব ৷ উল্লেখযোগ্য যে ৰাজ্যত বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ পৰা বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা ৷ তাৰ সমান্তৰালভাৱে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰো ব্যস্ততা বৃদ্ধি পাইছে ৷ এই প্ৰসংগত ৰিপুন বৰাই কয় যে ক’ভিড-১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্যমন্ত্ৰী ড° শৰ্মাই এইকেইদিন স্বাস্থ্য বিভাগটোত অধিক মনোনিৱেশ কৰাটো প্ৰয়োজন ৷ মন্ত্ৰী শৰ্মাৰ অন্যান্য বিভাগসমূহ ৰাজ্যৰ অন্য মন্ত্ৰীলৈ স্থানান্তৰিত কৰিব লাগে বুলি মন্তব্য কৰে ৰিপুন বৰাই ।