চিৰাং জিলাৰ সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰক গ্ৰেপ্তাৰ

WhatsApp Image 2020 05 28 at 7.43.17 PM

চিৰাঙত দুৰ্নীতি নিবাৰন শাখাৰ অভিযান । প্ৰাপ্ত তথ্য অনুসৰি চিৰাং জিলাৰ সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰক উৎকোচ লোৱা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয় । অভিযোগ অনুসৰি জিলাখনৰ চিদলীৰ ঠুঙ্কুবাৰীৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মুল্যৰ দোকানী ধনঞ্জয় বৰ্মনক এক লাখ টকাৰ দাবী জনাইছিল । তাৰে আজি প্ৰথম কিস্তি হিচাপে ২০ হেজাৰ টকা দিয়াৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিষয়া জনক । কে’বাঘন্টাজুৰি বিষয়া জনৰ চৰকাৰী আবাসত দুৰ্নীতি নিবাৰন শাখাৰ অভিযান চলে। তাৰ পিছতো এই পৰ্যন্ত অব্যাহত ৰাখে অভিযান।

Exit mobile version