তলাবন্ধত ২৯ সহস্ৰাধিক বাহন জব্দঃ তিনি কোটিৰ অধিক জৰিমনা

IMG 20200528 143440

ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ দেশজুৰি অব্যাহত থকা তলাবন্ধৰ সময়ছোৱাত যোৱা ২৫ মাৰ্চৰ পৰা আজি পৰ্যন্ত মুঠ ৬৪ দিনত আইন অমান্যকাৰীৰ পৰা অসম আৰক্ষীয়ে মুঠ তিনি কোটি ২৯ লাখ ৭৪ হেজাৰ ৭৫০ টকা জৰিমনা সংগ্ৰহ কৰাৰ উপৰি ৰাজ্যজুৰি মুঠ ২৯,৩৩১ খন বাহন জব্দ কৰিছে ৷ উল্লেখ যে তলাবন্ধৰ নীতি নিৰ্দেশনা উলংঘা কৰি ওলাই অহা তথা আৰক্ষীয়ে বাহনখনৰ ভিতৰত সৰ্বাধিক দুচকীয়া বাহন । উল্লেখিত মুঠ জব্দকৃত বাহনখনৰ ভিতৰত ২৬,০৬৫ খনেই দুখনেই দুচকীয়া বাহন । ইয়াৰ উপৰি ৬১৭ তিনিচুকীয়া,২৫৪৪ খন চাৰিচকীয়া বাহনৰ লগতে ছয়চকীয়া বাহন ৫৪ খন, বাছ চাৰিখন, ২৭ খন ট্ৰাক, এখন ট্ৰেইলৰ, ১৫ খন ট্ৰেক্টৰ, তিনিখন এক্সকেভেটৰ আৰু এখন ফ্ৰকলেণ্ড ৷

ইয়াৰ উপৰি আৰক্ষীয়ে এই সময়ছোৱাত ২৩ দেশ দেশীয় নাওৰ লগতে ১১ খন মেচিন নাও জব্দ কৰে ৷ উল্লেখযোগ্য যে তলাবন্ধৰ নীতি নিয়ম উলংঘা কৰা ৰাজ্যত ৩১৫৭ টা ঘটনা সংঘটিত হৈছে আৰু ৪৫৭৭ জনক আটক কৰিছে। ইয়াৰ উপৰি সমগ্ৰ ৰাজ্যখনত আজি পৰ্যন্ত তলাবন্ধৰ নীতি নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে ২৫৮৩ টা গোচৰ ৰজু হোৱাৰ বিপৰীতে ২,৯৮,৮৭,৭৫০ টকা জৰিমনা সংগ্ৰহ কৰাৰ সমান্তৰালভাৱে মাস্ক পৰিধান নকৰা লোকৰ পৰা ৩০ লাখ ৮৭ হেজাৰ টকাৰ জৰিমনা সংগ্ৰহ কৰিছে ৷ উল্লেখযোগ্য যে মাস্ক পৰিধান নকৰি ৰাজহুৱা স্থানলৈ ওলাই অহা ৬১৭২ জন লোকৰ পৰা এই উল্লিখিত জৰিমনা সংগ্ৰহ কৰা হৈছে ৷ সামাজিক মাধ্যমত কৰ’না ভাইৰাছৰ উৰা বাতৰি বিয়পোৱাৰ সন্দৰ্ভত ৰাজ্যজুৰি ৯৬ টা গোচৰ ৰজু কৰা হৈছে । আৰু ৫০ জনক আটক কৰা হৈছে যদিও ইতিমধ্যে কে’বাজনকো আৰক্ষীয়ে মুক্তি দিয়া বুলি সদৰী কৰিছে ৷ উল্লেখযোগ্য যে ৰাজ্যত দ্ৰুতহাৰত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাই অহাত ৰাজ্যজুৰি ৪৬ টা অঞ্চলক কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে ৷

Exit mobile version