তলাবন্ধৰ মাজতো নয়ডাৰ অতিথিশালাত চলিছিল কলগার্লৰ ব্যৱসায়, গ্ৰেপ্তাৰ যুৱতীসহ ছজনক

162406124

মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি আৰু দেশজুৰি তলাবন্ধ অব্যাহত থকাৰ পিছতো উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত এটা অতিথিশালাত কলগার্লৰ এক বৃহৎ চক্ৰ উৎখাত কৰিলে আৰক্ষীয়ে। উত্তৰ প্ৰদেশ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে গোপন সূত্ৰৰ আধাৰত লাভ কৰা তথ্যৰ ভিত্তিত অঞ্চলটোৰ এটা ব্যস্ত অতিথিশালাত দীৰ্ঘদিন ধৰি চলি অহা নাৰী দেহৰ ব্যৱসায়ৰ ঘাটি উৎখাত কৰে। বিটা-২ আৰক্ষী থানাৰ অধীনস্থ অতিথিশালা টোত আৰক্ষীয়ে চলোৱা এই তালাচী অভিযানত কলগার্ল সহ মুঠ ৬ জন লোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, অতিথিশালা টোৰ স্বত্বাধিকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে। চহৰৰ ব্যস্ত অঞ্চলত থকা এই অতিথিশালাটোত প্ৰতিদিনে যথেষ্টসংখ্যক সন্দেহজনক যুৱতী আৰু গ্ৰাহকৰ অহা-যোৱা চলিছিল। স্থানীয় লোকৰ অভিযোগৰ পাছত যোৱা নিশা আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই দুগৰাকী কলগার্লক গ্ৰাহকৰ সতে অসংযত অৱস্থাত ধৰা পেলায়। অতিথিশালা টোৰ পৰা আৰক্ষীয়ে নগদ ১২,৬০০ টকা, কে’বাটাও ম’বাইল ফোন, প্রসাধন সামগ্ৰী, গৰ্ভনিৰোধক সামগ্ৰী আৰু যৌনশক্তিবৰ্ধক জব্দ কৰিছে।

Exit mobile version