সেনাক যুদ্ধলৈ প্ৰস্তুত হবলৈ কৈও ভাষ্য সলনি কৰিলে চীনে

IMG 20200528 124043

পৰিস্থিতিৰ ক্ৰমাৎ অৱনতি ঘটিছে অাৰু ই গুৰুতৰ ৰূপ ধাৰণ কৰিবলৈ লৈছে । ভাৰত অাৰু চীনৰ মাজত লাডাখৰ সীমান্তত বৃদ্ধি পোৱা উত্তেজনাপূৰ্ণ পৰিস্হিতিত বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তিনি সেনা প্ৰধানৰ স’তে বৈঠকত মিলিত হোৱাৰ পিছত ভাৰতীয় বাহিনী অতি তৎপৰ হৈ পৰিছে। দেশৰ স্থলসেনা বাহিনীৰ মুৰব্বী জেনেৰেল মনোজ মুকুন্দ নৰৱনে সেনা বাহিনীৰ উচ্চস্তৰীয় বিষয়া সকলৰ স’তে বৈঠকত মিলিত হয়। লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাত ভাৰতেও সেনাৰ সংখ্যা বৃদ্ধি কৰিবলৈ আৰম্ভ কৰিছে। ভাৰতীয় চোৰাংচোৱা বাহিনীয়ে উপগ্ৰহৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য অনুযায়ী, চীনে নিয়ন্ত্ৰণ ৰেখাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে। পদব্ৰজে আহি আছে হেজাৰ চীনা সেনা। অৱশ্যে ভাৰত আগ্ৰাসী হৈ উঠাৰ পাছত সুৰ সলনি কৰিলে চীনে। চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখ্যপাত্ৰই দুয়ো দেশৰ মাজত আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ পথ আছে তথা পৰিস্থিতি নিয়ন্ত্ৰনাধীন বুলি কয়। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ কাৰ্যালয়ত জেনেৰেল নৰৱনৰ নেতৃত্বত সেনা কামাণ্ডাৰৰ বৈঠক অনুষ্ঠিত হয়।

লাডাখত চীনৰ সেনাৰ সমাৱেশৰ পৰিপ্ৰেক্ষিতত এই বৈঠকৰ আয়োজন কৰা হৈছিল বুলি মন্ত্ৰণালয়ৰ সূত্ৰত প্ৰকাশ। আনুষ্ঠানিকভাৱে এনে বিষয় সদৰী কৰা হোৱা নাই যদিও সূত্ৰত প্ৰকাশ যে ভাৰতৰ সীমান্তৰ নিৰাপত্তা তথা লাডাখৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হয় বৈঠকত। ইপিনে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সৰ্ব্বোচ্চ পৰ্যায়ৰ সামৰিক মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল। দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, চীফ অৱ ডিফেন্স ষ্টাফ অৱসৰপ্ৰাপ্ত জেনেৰেল বিপিন ৰাৱট আৰু ভাৰতীয় স্থল, জল আৰু বায়ুসেনা বাহিনীৰ তিনি মুৰব্বীৰ সতে বৈঠকত মিলিত হৈছিল মোদী। যুদ্ধকালিন পৰিস্থিতি অথবা যুদ্ধৰ বাবে প্ৰস্তুত থকাৰ প্ৰয়োজন নহ’লে এনে বৃহৎ সামৰিক বৈঠক প্ৰধানমন্ত্ৰীয়ে আহ্বান নকৰে বুলি প্ৰতিৰক্ষা বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰে। তেওঁলোকৰ মতে, বিগত এই দিনকেইটাত ভাৰতীয় সেনাবাহিনীৰ তৎপৰতা আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ সৰ্ব্বোচ্চ পৰ্যায়ৰ সামৰিক বৈঠকে স্পষ্ট কৰে যে ভাৰত কোনো পৰিস্থিতিৰ মোকাবিলাৰ বাবে সাজু হৈছে।

তদুপৰি কুটনৈতিক পথেৰে বিবাদৰ সমাধানৰ চিন্তা ভাৰতে ত্যাগ কৰা নাই, সেই পথো খোলা আছে। কিন্তু কুটনৈতিক পথ ব্যৰ্থ হ’লে অন্য যে সম্ভাব্য পথৰ মোকাবিলাৰ প্রয়োজন আছে সেয়া গ্ৰহণৰ বাবে ভাৰত যে সাজু হৈছে সেই কথা বৈঠকত স্পষ্ট হৈছে। সূত্ৰত প্ৰকাশ যে যিদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত সৰ্ব্বোচ্চ পৰ্যায়ৰ সামৰিক বৈঠকত মিলিত হৈছিল, সেইদৰেই ইপিনে বেইজিঙত অত্যন্ত গুৰুত্বপূৰ্ণ বৈঠকত ভাষণ দিছিল চীনা প্ৰধান জি জিনপিঙে। যিকোনো পৰিস্থিতিৰ বাবে মোকাবিলাৰ বাবে চীনা সেনাক প্ৰস্তুত হৈ থাকিবলৈ তেওঁ বাৰ্তা দিছিল। তদুপৰি যুদ্ধৰ দৰে মাৰাত্মক পৰিস্থিতিৰ বাবে প্ৰস্তুত থাকিবলৈও নিৰ্দেশ দিয়া হৈছে। অৱশ্যে সম্প্ৰতি চীনৰ লক্ষ্য ভাৰত নে আমেৰিকা সেয়া স্পষ্ট নহয়। কিয়নো কৰ’নাক লৈ আমেৰিকাই চীনৰ বিৰুদ্ধে যিদৰে জনমত গঠনৰ চেষ্টা অব্যাহত ৰাখিছে, তাকে লৈ অসন্তুষ্টিত আছে বেইজিঙ।

চীনৰ মতে, আমেৰিকাই নিজৰ ব্যৰ্থতা ঢাকিবলৈ চীনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে। ইপিনে, দেখা গৈছে যে চীনে চিকিমৰ ভাৰত সীমান্তত যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছে। যোৱা পাঁচ আৰু ১০ মে’ত ছিকিমৰ ভাৰতীয় সেনা বাহিনীৰ স’তে চীনৰ ৰঙা বাহিনীৰ একাধিকবাৰ খণ্ডযুদ্ধৰ দৰে ঘটনা সংঘটিত হয়। দুয়োপক্ষৰ কে’বাজনো জোৱান এই মাৰপিট, ঠেলা-হেঁচা ঘটনাত গুৰুত্বভাৱে আঘাত প্ৰাপ্ত হৈছে। ইয়াৰ মাজতে চীনা হেলিকপ্টাৰে ভাৰতৰ আকাশ সীমা লংঘন কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ পাছৰে পৰা লাডাখত প্ৰকৃত নিয়ন্ত্ৰণৰেখাত ক্ৰমশঃ সেনাৰ সংখ্যা বৃদ্ধি কৰিছে ৰঙা চীনে। ভাৰতীয় ছোৱাংচোৱাই উপগ্ৰহৰ জৰিয়তে সংগ্ৰহ কৰাৰ ছবিয়ে এনে কথাৰ সত্যতা প্ৰমাণ কৰে। অন্যহাতে লাডাখৰ পৰিস্থিতি এতিয়া উত্তেজনাৰে ভৰি আছে। প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সমীপৱৰ্তী পাংগাং হ্ৰদ, গালৱান নদী উপত্যকা, ভাৰতীয় সেনাৰ সীমান্ত চকী অঞ্চলৰ দুয়ো দিশত সংঘাতৰ প্ৰস্তুতি আৰম্ভ হৈছে। অসমৰ্থিত সূত্ৰৰ তথ্য অনুসৰি নিয়ন্ত্ৰণৰেখা অতিক্ৰম কৰি ভাৰতৰ ভূ-খণ্ডৰ তিনি চাৰি কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে চীনা বাহিনীয়ে আৰু তাতেই তেওঁলোকে বাংকাৰ, সুৰ সুৰংগ, সেনা চাউনি নিৰ্মাণ কৰিছে। প্ৰায়১২ শ সেনা সেই স্থানত আছে।

ইপিনে চীনে দাবী কৰে যে ভাৰতৰ স’তে সীমান্তত পৰিস্হিতি সামগ্ৰিক ভাৱে স্থিৰ আৰু নিয়ন্ত্ৰনাধীন হৈ আছে। আলোচনা আৰু পৰামৰ্শৰ মাধ্যেমেৰে সমস্যা সমাধানৰ বাবে দুয়ো দেশৰ প্ৰকৃত ব্যৱস্থাৱলী আৰু যোগাযোগ ব্যৱস্থা আছে বুলিও কয়। এই মন্তব্য কৰে চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ঝাও লিজানে ।ভাৰতৰ অভিযোগ অনুসৰি লাডাখ আৰু চিকিমৰ নিয়ন্ত্ৰণৰেখাৰ নিয়মীয়া টহলত চীনা বাহিনীয়ে বাধা দিছে। ইপিনে, ভাৰতৰ বাহিনীয়ে চীনা সীমান্তত অনুপ্ৰৱেশ কৰাৰ অভিযোগ নুই কৰে। ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে কয় যে ভাৰতীয় বাহিনীয়ে নিজ সীমাৰ ভিতৰত থাকিয়ে বিভিন্ন কাৰ্যকলাপ কৰিছে। এজন প্ৰাক্তন সেনা মূৰব্বীয়ে কয় যে চীনে নিজস্ব ভূমিত আন্তঃগাঁথনি নিৰ্মাণত ভাৰতৰ দ্বাৰা কোনো বাধাপ্রাপ্ত হোৱা নাই। অথচ ভাৰতে যিকোনো ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম আৰম্ভ কৰিলেই চীনে বাধা আৰোপ কৰি আহিছে। এনে এক মনোভাৱ যে ভাৰতে সামৰিক লক্ষ্য আগত ৰাখি নিৰ্মাণ কাৰ্য কৰে আৰু চীনে কেৱল পৰ্যটনৰ প্ৰসাৰৰ বাবে কৰে।

Exit mobile version