ৰংজুলিত নদীৰ সোঁতে উটুৱাই নিলে ছাত্ৰৰ মৃতদেহ

WhatsApp Image 2020 05 28 at 5.46.43 PM

ৰংজুলিত নদীৰ সোঁতে উটুৱাই নিয়া ধূপধৰাৰ বিকালী কলেজৰ ছাত্ৰ সঞ্জীত দাসৰ মৃতদেহ ৪৮ ঘন্টাৰ অভিযানৰ অন্তত মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰশাসনে ৷ দুদিন ধৰি এছ.ডি.আৰ.এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলায় যদিও ব্যৰ্থ হোৱাৰ পিচত বৃহস্পতিবাৰে স্থানীয় ৰাইজৰ প্ৰচেষ্টাত ছাত্ৰ জনৰ মৃতদেহ উদ্ধাৰ হয় । মৃতদেহ উদ্ধাৰ হোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় । যোৱা মঙ্গলবাৰে সমগ্ৰ ৰংজুলি অঞ্চল বানপানীত ডুব গৈ থকাৰ সময়তে কায়স্থ পাৰাৰ যুৱক সঞ্জিতে সমনীয়াৰ লগত মালাদাৰা নদীত গা ধুই আছিল আৰু তেনেতে হঠাৎ নদীৰ কোবাল সোঁতে যুৱক জনক উটুৱাই লৈ যায় । লগে লগে গাঁও খনত হুৱাদুৱা লাগে আৰু গাঁৱৰ ৰাইজে যুৱক জনৰ সন্ধান চলায় যদিও ব্যৰ্থ হয় ।

ইপিনে এছ ডি আৰ এফ বাহিনীয়ে ঘটনা স্থলীত উপস্থিত হৈ অভিযান চলায়; কিন্তু সঞ্জিতৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল । বুধবাৰেও ৰাইজৰ সহযোগত এছ ডি আৰ এফ বাহিনীয়ে অভিযান চলায় যদিও ব্যৰ্থ হোৱাৰ পাছত বৃহস্পতিবাৰে বিয়লি ঘটনাস্থলীৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰৈত ৰংজুলিৰ কায়স্থপাৰা ৰেলৱে ব্ৰিজৰ কাষত পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ছাত্ৰ জনৰ মৃতদেহ ৷ ছাত্ৰগৰাকীৰ মৃতদেহ উদ্ধাৰৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি শোকৰ চাঁ পৰে ৷ পিছত ৰংজুলি আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে ৷

Exit mobile version