মহামাৰী কৰ’নাৰ সংক্ৰমণৰ সমান্তৰালভাৱে ৰাজ্যত অব্যাহত আছে বানপানীৰ তাণ্ডৱ | শুক্ৰবাৰে গোৱালপাৰা জিলাৰ আগিয়াত বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰি কয়, “ৰাজ্যত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ সমানেই বানপানীৰো মোকাবিলা কৰিবলগীয়া হৈছে। এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতে আজি আগিয়া বালিজানা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় আৰু দ্বাৰকা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি বানাক্ৰান্তসকলৰ অৱস্থাৰ বুজ লওঁ। লগতে, কণমানিহঁতৰ স’তেও কথা পাতি বানাক্ৰান্তসকলৰ মাজত খাদ্যসামগ্ৰী বিতৰণ কৰোঁ । ক’ভিড-১৯ৰ লগতে বানপানীৰ সময়ত হ’ব পৰা বিভিন্ন ৰোগৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰি বানাক্ৰান্তসকলৰ সঘনাই স্বাস্থ্য পৰীক্ষা কৰিবলৈ বিষয়াবৰ্গক নিৰ্দেশ দিছোঁ । তদুপৰি, প্ৰয়োজন অনুসৰি সকলো সাহায্য সামগ্ৰী প্ৰদান কৰিবলৈও নিৰ্দেশ দিছোঁ।এনে জটিল সময়ত আশ্ৰয় শিবিৰকেইটাত সমৰ্পিতভাবেৰে সেৱা আগবঢ়াই থকা স্বাস্থ্যকৰ্মীসকলৰ মই আন্তৰিকতাৰে শলাগ লৈছোঁ।”
গোৱালপাৰা জিলাৰ আগিয়াত বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
-
By publisher

Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026