পানী হিলৈৰে ফৰিং খেদিবলৈ যুদ্ধৰ প্ৰস্তুতি

thumbs b c 2b4c557d078d08d5f8cdea9eb7f80975

কৰ’না ভাইৰাছৰ দৰেই দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কাকতি ফৰিঙৰ জাকে । ৰাজস্থান, মহাৰাষ্ট্ৰকে ধৰি  দেশৰ পাঁচখনৰো অধিক ৰাজ্যত কোটি কোটি কাকতি ফৰিঙে পথাৰৰ শস্য খাই ব্যাপক ক্ষতিসাধন কৰিছে । বিশেষজ্ঞৰ মতে এতিয়াই কাকতি ফৰিঙৰ জাকক প্ৰতিৰোধ কৰিব নোৱাৰিলে দেশৰ শস্য ভাণ্ডাৰতো গভীৰ সংকটে দেখা দিব পাৰে ৷ তেনে পৰিস্থিতিত আক্ৰান্ত ৰাজ্যসমূহৰ সমান্তৰালকৈ কেন্দ্ৰীয় চৰকাৰেও এক প্ৰকাৰ যুদ্ধসদৃশ প্ৰস্তুতিৰে কাকতি ফৰিং নাশৰ বাবে সাজু হৈছে ৷ ইয়াৰ বাবে কেন্দ্ৰই পানীহিলৈ ব্যৱহাৰ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ উল্লেখযোগ্য যে পূব আফ্ৰিকাৰ মৰু অঞ্চলৰ পৰা ব্যাপক হাৰত উৰি অহা কাকতি ফৰিঙৰ বিশাল জাক এটাই সম্প্ৰতি দেশৰ একাধিক ৰাজ্যত উপদ্ৰৱ চলাই আছে ৷ ইয়াৰ পাছতে ১০ কোটিৰো অধিক কাকতি ফৰিঙৰ জাকটো মহাৰাষ্ট্ৰ, গুজৰাট, মধ্য প্ৰদেশ আৰু পঞ্জাৱলৈ সিঁচৰতি হৈ খেতি পথাৰ তহিলং কৰি আছে ৷ আনকি গাঁও অঞ্চলৰ উপৰি চহৰসমূহতো এইবিধ পতংগই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ ইতিমধ্যে উত্তৰ প্ৰদেশতো জাকে জাকে কাকতি ফৰিং সোমাই দেশৰ উত্তৰ আৰু পূব প্ৰান্তলৈকে ভাবুকিৰ সৃষ্টি কৰিছে ৷ যাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে ইয়াৰ বাবে ১০ খন জিলাত বিশেষ সতৰ্কতা অৱলম্বন কৰিছে ৷

ইয়াৰ উপৰিও দিল্লী, ছত্তিছগড়, পশ্চিমবংগ, ওড়িছা আদিয়েও বিশেষ সতৰ্কতা অৱলম্বন কৰিছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ পৰা জনোৱা অনুসৰি এই মূহুৰ্তত কাকতি ফৰিঙৰ দখলত আছে ৰাজস্থানৰ ২০ খন, মধ্যপ্ৰদেশৰ নখন, গুজৰাটৰ দুখন আৰু পঞ্জাৱৰ এখন জিলা ৷ ইয়াৰোপৰি মহাৰাষ্ট্ৰৰ নাগপুৰৰ বিখ্যাত কমলা বাগানৰ বিপুল ক্ষতিসাধন হোৱা বুলিও ৰাজ্যখনৰ কৃষি বিভাগে জনাইছে ৷ যাৰ বাবে কাকতি ফৰিঙৰ বিৰুদ্ধে এক প্ৰকাৰৰ যুদ্ধ ঘোষণা কৰিছে কেন্দ্ৰীয় কৃষি মন্ত্ৰ্যালয় ৷ অগ্নিনিৰ্বাপনৰ ৮৯ টা ইঞ্জিনৰ পৰা কীটনাশক দ্ৰব্য ছটিওৱাৰ লগতে আন একাধিক ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ বাবে ১২০ খন সমীক্ষা যানো মোতায়েন কৰা হৈছে ৷ এই বাহনসমূহে কাকতি ফৰিঙৰ গতিবিধি নিৰীক্ষণ কৰিব ৷ আৰু সাম্ভাৱ্য গতিবিধি সন্দৰ্ভত অনুসন্ধান চলাব ৷ তাৰ পাছত সেই অনুযায়ী সতৰ্কতা অৱলম্বন কৰা হ’ব ।

কীটনাশক দ্ৰব্য ছটিওৱাৰ কাৰণে সাজু কৰা হৈছে ৮১০ খন ট্ৰেক্টৰ ৷ সকলো মিলাই কীটনাশক ছটিওৱা বাহনৰ সংখ্যাই প্ৰায় এহেজাৰ খন ৷ প্ৰয়োজন অনুসৰি বাহনৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলি জনাই কৃষি মন্ত্ৰণালয়ে । কাকতি ফৰিঙ খেদিবলৈ বিভিন্ন স্থানত উচ্চস্তৰত মিউজিক, চাইৰেন আদি বজাইছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় কৃষি মন্ত্ৰ্যালয়ৰ জনাইছে যে কাকতি ফৰিঙে সচৰাচৰ দিনৰ ভাগত বহু দূৰলৈ উৰি যাব পাৰে ৷ সেই যাত্ৰাপথত তহিলং কৰে ব্যাপক অঞ্চলৰ খেতি পথাৰৰ বিপুল পৰিমাণৰ শস্য ৷ কিন্তু নিশাৰ ভাগত কাকতি ফৰিঙে বিশ্ৰাম লয়। সেয়ে বিশ্ৰাম লোৱাৰ সময়তে কাকতি ফৰিঙৰ ওপৰত কীটনাশক ছটিওৱাৰ সিদ্ধান্ত লৈছে বুলিও কেন্দ্ৰৰ এক সূত্ৰই জনাইছে।

Exit mobile version