পিতৃসহ ১২০০ কিলোমিটাৰ চাইকেল চলোৱা জ্যোতিক অধ্যয়নৰ প্ৰস্তাৱ ছুপাৰ ৩০ ৰ

image 167187

দেশত তলাবন্ধ অব্যাহত থকাৰ সময়তে বিহাৰৰ জ্যোতি কুমাৰী নামৰ এগৰাকী কিশোৰীয়ে দিল্লীৰ পৰা এখন চাইকেলত পিতৃক লৈ নিজৰ গাঁৱত উপস্থিত হৈ সকলোকে চমকিত কৰিছিল ৷ পৰিবহনৰ আন কোনো ব্যৱস্থা নথকাত ১৫ বছৰীয়া জ্যোতিয়ে গুৰুগ্ৰামৰ পৰা অসুস্থ পিতৃক চাইকেলৰ পাছৰ ছিটত বহুৱাই বিহাৰৰ গাঁৱলৈ উভতি আহিছিল । এইদৰে জ্যোতিয়ে ১২০০ কিলোমিটাৰ চাইকেল চলাই এক অভিলেখো ৰচনা কৰিছিল ৷ বিহাৰৰ এইগৰাকী কিশোৰীক “ছুপাৰ ৩০” নামৰ বিখ্যাত ক’চিং প্ৰতিষ্ঠানটোৱে বিনামূল্যে পঢ়োৱাৰ প্ৰস্তাৱ আগবঢ়ালে ৷

ছুপাৰ ৩০ ৰ প্ৰতিষ্ঠাপক আনন্দ কুমাৰে টুইট কৰি কয় “জ্যোতি কুমাৰীয়ে যি সাহস আৰু মনোবলৰ পৰিচয় দিলে তাৰ বাবে ছুপাৰ ৩০ তৰফৰ পৰা তেওঁক বিনামূলীয়াকৈ আই আই টিৰ প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰোৱা হ’ব ৷ প্ৰকাশিত বাতৰি অনুসৰি জ্যোতিক সাক্ষাৎ কৰি ইতিমধ্যে ছুপাৰ ৩০”ৰ শিক্ষাগ্ৰহণৰ বাবে এক প্ৰস্তাৱ আগবঢ়াইছে আনন্দ কুমাৰৰ ভ্ৰাতৃয়ে ৷ গুৰুগ্ৰামত ই ৰিক্সা চলাই জীৱিকা অৰ্জন কৰা পিতৃ তলাবন্ধৰ সময়ত কৰ্মহীন আৰু অসুস্থ হোৱাত উপায়হীনা জ্যোতিয়ে পিতৃক চাইকেলেৰে লৈ ১২০০ কিলোমিটাৰ পথ যাত্ৰা কৰি সাতদিনৰ অন্তত নিজৰ বিহাৰস্থ গাঁৱত উপস্থিত হৈছিল ৷

Exit mobile version