পূৰ্ব ভাৰতৰ ক’ভিড-১৯ত চিকিৎসা সংক্ৰান্তীয় প্ৰথমখন চিকিৎসালয় শুক্ৰবাৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে | চিকিৎসালয়খন মুকলি কৰি তেওঁ কয়, “ক’ভিড চিকিৎসালয় আজি আমি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাঙ্গণত উদ্ধোধন কৰিছো | প্ৰায় ১৫০ কোটি টকাৰ কেন্দ্ৰীয় পুঁজিৰে নিৰ্মিত এই ভৱনটোত ১৮৬ টা ৱাৰ্ড আৰু ৫০ টা আই চি ইউ আছে ৷ ইয়াত কোভিড-১৯ত আক্ৰান্তক সম্প্ৰতি চিকিৎসা কৰা হ’ব | গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চাৰি মহলীয়া আৰু ২৩৬ খন বিচনাৰ “অতিবিশেষ সেৱা” ভৱন ( Superspeciality block)ৰ শুভাৰম্ভ কৰিবলৈ পাই আনন্দিত হৈছো ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এই নতুন শাখাটোত কেন্দ্ৰীয়ভাৱে শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ উপৰি অতি বেঙুনীয়া ৰশ্মিৰে বীজানুনাশৰ ব্যৱস্থাও সংযোজিত কৰা হৈছে ৷ ইয়াৰ দ্বাৰা চিকিৎসালয়খনৰ ভিতৰৰ বায়ুৰ গুণমান উন্নত কৰাৰ লগতে বেক্টেৰিয়া প্ৰতিৰোধ কৰাতো সহায়ক হ’ব ৷”
পূৰ্ব ভাৰতৰ প্ৰথমখন স্বয়ংক্ৰিয় ক’ভিড-১৯ চিকিৎসালয় মুকলি
-
By publisher

Related Content
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ'চিয়েল মিডিয়া
By
publisher
April 24, 2026
Bikaji Foods Founder Shiv ratan Agarwal Passes Away:'বিকাজী'ৰ প্রতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান
By
publisher
April 24, 2026
কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
By
publisher
April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
By
publisher
April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
By
publisher
April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
By
publisher
April 24, 2026