ফাঁচীবজাৰতে লোকচান ২৫ হেজাৰ কোটি

salil lockdown

তলাবন্ধৰ নীতি নিৰ্দেশনা শিথিল কৰাৰ পাছতো স্বাভাৱিক হোৱা নাই ৰাজ্যৰ পৰিবেশ ৷ ফলত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্যৰ প্ৰাণকেন্দ্ৰ স্বৰূপ মহানগৰীৰ ফাঁচীবজাৰত পৰিছে ইয়াৰ ব্যাপক প্ৰভাৱ ।সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছ বিৰোধী যুঁজখন আগুৱাই নিয়াৰ লগতে আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ লক্ষ্যৰে যোৱা ১৮ মে’ৰ পৰা দেশত নতুন ৰূপত অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ ৷ এই সময়ছোৱাত দোকান পোহাৰ খোলাৰ লগতে বিভিন্ন খণ্ডৰ কাম কাজ আগুৱাই নিয়াৰ বাবে অনুমতি প্ৰদানৰ পাছতো সৰ্বসাধাৰণ জনতাৰ উপাৰ্জনহীনতাৰ বাবে ব্যাপক প্ৰভাৱ পৰিছে বজাৰত ৷

ফলত কেৱল ফাঁচীবজাৰৰ ব্যৱসায়ীসকলে তলাবন্ধৰ সময়ছোৱাত লোকচানৰ সন্মুখীন হৈছে প্ৰায় ২৫ হেজাৰ কোটি টকাৰ ৷ দৈনিক অগ্ৰদূতৰ আগত এই কথা সদৰী কৰি সদৌ গুৱাহাটী ব্যৱসায় সন্থাৰ সভাপতি ৰাম নিৰঞ্জন জাজোডিয়াই কয় যে কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত যোৱা ২৪ মাৰ্চৰ পৰা অব্যাহত আছে তলাবন্ধ। পৰৱৰ্তী পৰ্যায়ৰ তলাবন্ধ নীতি নিৰ্দেশনা শিথিল কৰিলেও বৰ্তমানো স্বাভাৱিক হোৱা নাই বজাৰৰ পৰিবেশ ৷ ফলত বিগত দুমাহ ধৰি ব্যাহত হৈ আছে সা সামগ্ৰীৰ ক্ৰয় বিক্ৰয় । ঔষধ খাদ্য সামগ্ৰীক বাদ দি সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান যোৱা ২৪ মাৰ্চৰ পৰা বন্ধ আছে ।

এই সময়ছোৱাত বৃহত্তৰ ফাঁচী বজাৰত প্ৰায় ২৫ হেজাৰ কোটি টকাৰ লোকচান হৈছে বুলি কোৱাৰ লগতে তেওঁ কয় “মহানগৰীৰ ফাঁচীবজাৰত সকলো ধৰণৰ সা সামগ্ৰীৰ পাইকাৰী বিক্ৰেতা আছে । অথচ যোৱা ২৪ মাৰ্চৰ পৰা সুদীৰ্ঘ ডেৰমাহ ধৰি অধিকাংশ পাইকাৰী বিক্ৰেতাৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ আছে । ইয়াৰ লগে লগে এই সময়ছোৱাত প্ৰায় ২৫ হেজাৰ কোটি টকাৰ ব্যৱসায় ক্ষতি হোৱাৰ লগতে প্ৰায় এহেজাৰ কোটি টকা লাভৰ পৰা বঞ্চিত হৈ আছে ব্যৱসায়ীসকল ৷ ইফালে দোকান পোহাৰ খোলৰ অনুমতি দিলেও তলাবন্ধৰ বাবে সাধাৰণ জনতাৰ হাতত ক্ৰমাৎ নাইকিয়া হৈ পৰিছে নগদ ধন ৷ নগদ ধন নাইকিয়া হোৱা কাৰণে বজাৰত ক্ৰমাৎ মন্দাৱস্থাৰ সৃষ্টি হৈছে ।” অৱশ্যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰা আঁচনিৰ ফল যদি সাধাৰণ জনতাই প্ৰত্যক্ষভাৱে লাভ কৰে তেন্তে পৰিবেশ কিছু পৰিমাণে সলনি হ’ব পাৰে বুলি কয় জাজোডিয়াই ৷

Exit mobile version