- গোৱালপাৰা জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷
- আজি সোনোৱালে গোৱালপাৰা জিলা ভ্ৰমণ কৰি আগিয়া বালিজানা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় আৰু দ্বাৰকা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী শিবিৰ পৰিদৰ্শন কৰে ৷
- মুখ্যমন্ত্ৰী সোনোৱালে কয় “ৰাজ্য চৰকাৰে নতুন ৰিলিফ মেনুৱেল”অনুসৰি ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি মোকাবিলা কৰিব ৷”
- গোৱালপাৰাৰ আশ্ৰয় শিবিৰত সকলো ধৰণৰ পৰ্যাপ্ত সুবিধাৰ যোগান ধৰিবলৈ সোনোৱালে জিলা উপায়ুক্তক নিৰ্দেশ দিয়ে ৷
- চিকিৎসকসকলে আশ্ৰয় শিবিৰসমূহ ভ্ৰমণ কৰি স্বাস্থ্যৰ বুজ ল’ব লাগিব ৷
- ক’ভিড১৯ ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বাহাল ৰখাটো জিলা প্ৰশাসনে সুনিশ্চিত কৰিব লাগিব ।
- এই সময়ছোৱাত সোনোৱালে সংহত শিশু উন্নয়ন প্ৰকল্পৰ কাৰ্যালয়ো ভ্ৰমণ কৰে ৷ আৰু পৰিস্থিতিৰ বুজ লয় ৷
- সোনোৱালে আজি বানে সম্পূৰ্ণভাৱে উটুৱাই দিয়া আগিয়া লক্ষীপুৰ সংযোগী ১২ নং ৰাজ্যিক ঘাইপথৰ অংশটোও পৰিদৰ্শন কৰে ৷
- লগতে পথটো মেৰামতিৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে ৷
- জিলাখন ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে আজি দুধনৈস্থিত আৰ্য়ুবেদিক চিকিৎসালয়ত স্থাপন কৰা কোৱাৰেন্টাইন চেন্টাৰসমূহ পৰিদৰ্শন কৰে ৷
- চলিত বৰ্ষৰ বানত মৃত্যু হোৱা লোকসকললৈ মুখ্যমন্ত্ৰীয়ে চাৰি লাখ টকাৰ চেক আগবঢ়াই ৷
- উল্লেখযোগ্য যে ৰাজ্যৰ ১১ খনকৈ জিলা বানে প্ৰভাৱিত কৰিছে।
- গোৱালপাৰা জিলাৰ তিনিটাকৈ ৰাজহ চক্ৰৰ প্ৰায় ২ লাখ লোক বিশেষভাবে ক্ষতিগ্ৰস্ত হৈছে ৷
- বৰ্তমান পৰিস্থিতিৰ পৰা জনসাধাৰণক সকাহ দিবলৈ সকলোৱে “টীম” হিচাপে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান কৰে ৷
- লগতে সাংবাদিকসকলকো জনসচেতনতা সৃষ্টিৰ ক্ষেত্ৰত বিশিষ ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
ADVERTISEMENT