কাঠগঢ়াত চীন আৰু বিশ্ব স্বাস্থ্য সংস্থা

donaldtrum

সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছ প্ৰসাৰিত কৰাৰ প্ৰসংগক লৈ আকৌ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কাঠগঢ়াত থিয় কৰালে চীন আৰু বিশ্ব স্বাস্থ্য সংস্থাক। আমেৰিকাই প্ৰথমতেই বিশ্ব স্বাস্থ্য সংস্থাৰ ফ’ণ্ডত প্ৰতিবন্ধকতা আৰোপ কৰিছে। সম্প্ৰতি ট্ৰাম্পে বিশ্ব স্বাস্থ্য সংস্থাৰ লগত সম্পৰ্ক বিচ্ছেদ কৰিবলৈ মন মেলিছে ৷ ইতিমধ্যে ড’নাল্ড ট্ৰাম্পে কৈছে যে বিশ্ব স্বাস্থ্য সংস্থাক দিয়া ফ’ণ্ড অন্য কোনো স্বাস্থ্যৰ ক্ষেত্ৰত ব্যয় কৰিব ৷ কাৰণ বিশ্ব স্বাস্থ্য সংস্থাক নিয়ন্ত্ৰণ কৰে চীনে । চীনে “হু”ক ৪ কোটি ডলাৰ দিয়াৰ বিপৰীতে আমেৰিকাই এবছৰত দিয়ে ৪৫ কোটি ডলাৰ। চীনৰ য়ুহানত কৰ’না ভাইৰাছক লুুকুৱাই ৰাখিছিল আৰু সমগ্ৰ বিশ্বত কৰ’নাক বিয়পোৱাত সহায় কৰিছিল চীনে। আমেৰিকাত কৰ’না ভাইৰাছত মৃত্যু হৈছে প্ৰায় ১ লাখ লোক। চীনে বিশ্বক কৰ’না ভাইৰাছ উপহাৰ হিচাপে দিলে। এই মন্তব্য ড’নাল্ড ট্ৰাম্পৰ। লগতে ট্ৰাম্পে চীনৰ ওপৰত কৰ’না ভাইৰাছৰ তদন্তৰ তথ্য চুৰ কৰা অভিযোগো উত্থাপিত কৰে ৷ ইপিনে আমেৰিকাত চীনৰ নাগৰিকৰ প্ৰবেশ প্ৰতিবন্ধকতা আৰোপ কৰে ট্ৰাম্পে।

আনহাতে সততে দেখি থকা আমেৰিকা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ মাজত দেখা শীতল যুদ্ধখন আৰম্ভ হ’ল কৰ’না ভাইৰাছৰ মাধ্যমেৰে ৷  আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অভিযোগ যে বিশ্ব স্বাস্থ্য সংস্থা চীনৰ দান কৰ’না ভাইৰাছক লৈ অলপো গুৰুত্ব নাই। যাৰ কাৰণে কৰ’না ভাইৰাছ সমগ্ৰ বিশ্বত বিয়পি পৰে ৷ চীনৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত ল’বলৈ বিশ্ব স্বাস্থ্য সংস্থা সক্ষম নহ’ল। আৰু আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাক ফণ্ড দিবলৈ অস্বীকাৰ কৰে ৷

আমেৰিকাৰ অকলেই বিশ্ব স্বাস্থ্য সংস্থাক ১৫ শতাংশ সাহাৰ্য দিয়ে।

আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থাক ২০১৯ ত ৫৫.৩ কোটি ড’লাৰ দিয়ে ৷

ব্ৰিটেইনে দিয়ে ০৮ শতাংশ ৷

বিল এণ্ড মেলিণ্ডা গেটছে দিয়ে ১০ শতাংশ ৷

বিশ্ব স্বাস্থ্য সংস্থাই এই সমগ্ৰ সাহাৰ্য বিশ্বত টীকাকৰণ, জৰুৰীকালীন স্বাস্থ্যসেৱা, পলিঅ’ চিকিৎসা আদিৰ লগতে বিভিন্ন ক্ষেত্ৰত ব্যয় কৰে।

 

Exit mobile version