দেশৰ সীমা সুৰক্ষা বাহিনীত কৰ্মৰত জোৱান তথা শিৱসাগৰৰ দিচাং ধাই আলি গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং চাউলকৰা বামবাৰীৰ নিৱাসী কমল লাহন আৰু জুৰি লাহনৰ জ্যেষ্ঠ পুত্ৰ ৰাজীৱ লাহন(৩৪) ২৯ মে’ত বিয়লি জম্মু কাশ্মীৰৰ পলেৰা নামৰ ঠাইত কোৱাৰেন্টাইন কেন্দ্ৰত থকা অৱস্থাত বাথৰুমত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা বুলি অহা এক খবৰে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত ৷ দুপৰীয়া ভিডিঅ’ কলিঙত পত্নী আৰু দুই কন্যাৰ লগত কথা পাতি থকা ৰাজীৱ লাহনে হঠাৎ আত্মহত্যাৰ দৰে পথ বাছি লোৱা ঘটনাটোক সহজভাৱে ল’ব পৰা নাই নিজ পৰিয়ালে ৷ ২০০৭ চনত চাকৰিত যোগদান কৰা ভাৰতীয় সেনা বাহিনীৰ বি এচ এফ ৯৮ /ৰেজিমেণ্টৰ ৰাজীৱ লাহনে ছমাহ পূৰ্বে জম্মু কাশ্মীৰৰ পলেৰাত যোগদান কৰিছিল ৷ ইয়াৰ পূৰ্বে তেওঁ কোচ বিহাৰত কৰ্মৰত আছিল । স্বভাৱত নম্ৰ, পৰিয়ালৰ প্ৰতি দায়িত্বশীল বুলি পৰিচিত থকা জোৱানজন মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ অসমলৈ অনা হৈছে বুলি জানিব পৰা গৈছে ৷ ৩১ মে’ত নিজ গৃহ পাবহি ৰাজীৱ লাহনৰ মৃতদেহ ৷
জম্মু কাশ্মীৰৰ কোৱাৰেন্টাইন কেন্দ্ৰত সীমা সুৰক্ষা বাহিনীৰ জোৱানৰ আত্মহত্যা
-
By publisher

816762330
Related Content
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
By
publisher
April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
By
publisher
April 24, 2026
Moral policing incident in Dergaon:দেৰগাঁৱত ম'ৰেল পুলিচিঙৰ ঘটনা
By
publisher
April 24, 2026
Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
By
publisher
April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
By
publisher
April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
By
publisher
April 24, 2026