বিশ্বৰ শীতলতম স্থানতো ক্ৰমাৎ বাঢ়িছে উষ্ণতা

IMG 20200530 205805

বিশ্বৰ সবাতোকৈ শীতল স্থান হৈছে উত্তৰ বা আৰ্কটিক মহাসাগৰ ইয়াৰ সমান্তৰালকৈ গ্ৰীণলেণ্ডৰ এটা বৃহৎ অঞ্চললো শীতলতম স্থানৰ অন্তৰ্গত । কিন্ত আগন্তুক দিনসমূহত শীতলতম এই দুই স্থানৰ তাপমাত্ৰা বহু বেছি পৰিমানে বাঢ়িছে বুলিয়ে জনাইছে বিজ্ঞানীসকলে।পৰিৱেশৰ এই ভয়ানক পৰিৱৰ্তনে পৰিৱেশ বিজ্ঞানী সকলকো যথেষ্ট উৎকন্ঠিত কৰি তুলিছে । একাংশ বিজ্ঞানীৰ পৰ্যবেক্ষণত অনুসৰি , ছাইবেৰিয়াৰ পৰা গ্ৰীণলেণ্ড পৰ্যন্ত উত্তৰ মহাসাগৰীয় গৰম বতাহ বা লুৰ কাৰণেই এই তাপমাত্ৰা বহু পৰিমাণে বৃদ্ধি পাব । অভিলেখ ভংগ কৰিব পৰা গৰম পৰিব পাৰে সমগ্ৰ উত্তৰ মহাসাগৰীয় অঞ্চলত । অথচ ইয়াৰ আগলৈকে এই অঞ্চলত কোনোদিনে বতৰৰ এনে তাৰতম্য বিজ্ঞানীসকলে প্ৰত্যক্ষ কৰা নাছিল।

ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব পাৰে ৰাছিয়াত । এইবাৰ ৰাছিয়াৰ নাগৰিকসকলে উষ্ণতম শীতকাল উপভোগ কৰিবলৈ পাব । ইউ এছ নেচনেল অ’ছিয়ানিক এণ্ড এটম’স্ফেৰিক এডমিনিষ্ট্ৰেচন অৱ আমেৰিকাৰ মেপত পৰিষ্কাৰভাৱে এই তাপমাত্ৰা বৃদ্ধি দেখা গৈছে।অন্তত এই সমগ্ৰ উত্তৰ মহাসাগৰীয় অঞ্চলতে প্ৰায় পাঁচ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা বৃদ্ধি পাইছে । ৰাছিয়াৰ মেট’ৰ’জিকেল বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে যে উত্তৰ বা আৰ্কটিক মহাসাগৰীয় উপকূলৱৰ্তী অঞ্চলৰ উত্তৰ দিশে সাগৰতীৰৰ তাপমাত্ৰা প্ৰায় পাঁচ চেলছিয়াছ বৃদ্ধি পাইছে । কৰা সাগৰৰ কাষৰ পৰিস্থিতি সবাতোকৈ বেয়া প্ৰভাৱ পৰাৰ ফলত উষ্ণতাও যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।লগতে ছাইবেৰিয়া, গিডেন, ইয়ামাল আৰু তেমিৰৰ তাপমাত্ৰা স্বাভাৱিকৰ তুলনাত প্ৰায় ১৬ডিগ্ৰী অধিক।বিজ্ঞানীসকলৰ মতে, গোলকীয় উষ্ণতাৰ বাবেই উত্তৰ বা আৰ্কটিক মহাসাগৰীয় অঞ্চলৰ তাপমাত্ৰা এইদৰে সলনি হৈ পৰিছে ।

Exit mobile version