ঔদ্যোগীকৰণৰ ক্ষেত্ৰত অতি পাছপৰা ৰাজ্য অসমত অতি ক্ষুদ্ৰ,ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগেই মূল ভূমিকা গ্ৰহণ কৰি আছে ৷ ৰাজ্যৰ উদ্যোগ বিভাগৰ তথ্য অনুসৰি অসমত পঞ্জীয়নকৃত আৰু পঞ্জীয়ন নথকা এনে উদ্যোগৰ সংখ্যাও কমেও এক লাখ ৷ শতাংশ হিচাপত ৰাজ্যৰ উদ্যোগিক ক্ষেত্ৰখনৰ ৯৯.৯ শতাংশই হ’ল এম এছ এম ই৷ এই উদ্যোগসমূহ অসমৰ মুঠ ঘৰুৱা উৎপাদনলৈ আগবঢ়োৱা বৰঙনিৰ হাৰ হ’ল ৩৯ শতাংশ ৷ কিন্তু দীঘলীয়া তলাবন্ধৰ ফলত এনে উদ্যোগসমূহলৈ নামি আহিছে অশনি সংকেত । ফলস্বৰূপে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত কমেও ২৫ লাখ লোকৰ জীৱন জীৱিকাও অনিশ্চয়তাৰ গৰাহত সোমাই পৰিছে । চৰকাৰে সকলো উদ্যোগ মুকলিৰ অনুমতি দিছে ৷ কিন্তু কেৱল তেনে অনুমতি দিলেই পৰিবেশ স্বাভাৱিক নহয় । তেন্তে কেতিয়ালৈ উভতিব পূৰ্বৰ পৰিবেশ? তলাবন্ধৰ মাধমাৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ ভিতৰত পৰিবেশ স্বাভাৱিক নহয় বুলি মন্তব্য কৰে এম এছ এম ইৰ লগত জড়িত উদ্যোগটোৱে ৷
ঔধ্যোগিক সংগঠন ফেডাৰেশ্যন অৱ ইণ্ডাষ্ট্ৰী এণ্ড কমাৰ্ছ অৱ নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন (ফাইনাৰ)ৰ সভাপতি পবিত্ৰ বুঢ়াগোহাঁইয়ে মন্তব্য কৰে যে চৰকাৰে উদ্যোগ চলোৱাৰ অনুমতি দিলেও পৰিবেশ গঢ়ি উঠিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব ৷বুঢ়াগোহাঁইয়ে কয় “প্ৰথমতে উৎপাদিত সামগ্ৰীৰ বজাৰ গঢ়ি উঠিব লাগিব ৷ তাৰ ভিত্তিতহে উৎপাদন চলিব ৷কেতিয়াও নভবা,নিচিন্তা কৰা পৰিবেশৰ আমি সন্মুখীন হৈছো । জটিল এই পৰিবেশে উদ্যোগবোৰৰ শ্ৰমিক কৰ্মচাৰীৰ পুনৰ সংস্থাপনটো মাধমাৰ দিছে ৷পৰিবেশ পৰিস্থিতি পূৰ্বৰ দৰে স্বাভাৱিক নোহোৱালৈকে কোনো উদ্যোগৰ বাবে পূৰ্বৰ সম্পূৰ্ণ কৰ্মচাৰী নিয়োগ কৰাটো সম্ভৱ নহয় বুলি দৈনিক অগ্ৰদূত কাকতৰ আগত মন্তব্য কৰে খাদ্য সংসাধন উদ্যোগ এটি স্বতাধিকাৰীয়ে ৷ ইপিনে ক’ভিড১৯ ৰ বাবে উদ্যোগবোৰ বন্ধ হোৱাত বহিঃৰাজ্যৰ পৰাও যথেষ্ট সংখ্যক অসমলৈ উভতি আহিছে । এনে পৰিবেশে আগন্তুক দিনত পৰিস্থিতি অধিক উদ্বেগজনক কৰি তোলাটো নিশ্চিত ৷ বন্ধ উদ্যোগ আনকি বন্ধ হোৱাটোহে আশংকা কৰা হৈছে ৷