বাস্তৱৰ নায়কঃ অগ্নিকাণ্ডৰ মাজৰ পৰা ক্ৰিকেটাৰে উদ্ধাৰ কৰিলে ৪০ আৱাসীক

IMG 20200601 192420

যুৱকজনৰ প্ৰথম পৰিচয় হয় ক্ৰিকেটাৰ হিচাপে ৷ কিন্তু ক্ৰিকেটত ভবা মতে নাম কিনিব নোৱাৰিলে। অৱশ্যে এইবাৰ তেওঁ যি কাম কৰিলে তাৰ পাছত প্ৰকৃততেই যুৱকজন নায়কলৈ পৰিণত হ’ল । ৪০ গৰাকী লোকক ভয়াৱহ অগ্নিকাণ্ডৰ মাজৰ পৰা সুৰক্ষিতভাৱে উদ্ধাৰ কৰি আনিলে ৰঞ্জি ক্ৰিকেটাৰ আকিব শ্বেখে ৷ মাত্ৰ ২০ বছৰ বয়সতেই মুম্বাইৰ ৰঞ্জি দলত আকিবে স্থান লাভ কৰিছিল ৷ কিন্তু আশা কৰা ধৰণে খেলিবলৈ সক্ষম নহ’ল । ২৫ অভাৰ বল কৰি এটাও উইকেট লাভ কৰিবলৈ সক্ষম নহ’ল পেচবলাৰ আকিব। ইয়াৰ পাছত আৰু প্ৰথম শ্ৰেণীৰ ক্ৰিকেট দলত আকিবে স্থান লাভ কৰিব নোৱাৰিলে ৷

হেজাৰ চেষ্টা কৰিছিল দললৈ পুনৰ উভতি অহাৰ ৷ কিন্তু সফল নহ’ল ৷ লাহে লাহে বিস্মৃতিৰ গহ্বৰত হেৰাই যায় আকিব ৷ অৱশ্যে আকিবে চলোৱা এই উদ্ধাৰ অভিযানৰ পিছত সমগ্ৰ দেশবাসীয়ে জানিব পাৰিলে বাস্তৱৰ নায়কজনক । ঘটনাৰ কেন্দ্ৰস্থল মুম্বাইৰ পশ্চিম কল্যাণ অঞ্চলৰ এটি এপাৰ্টমেণ্ট ৷ নাম চাৰ্ম ষ্টাৰ। আঠটাকৈ মহলাযুক্ত এপাৰ্টমেণ্টটোত হঠাতে লাগিল জুই । পলত আৱদ্ধ হৈ পৰিল ৪০ গৰাকী লোক । এই আৱদ্ধ লোকসকলক নিৰাপদে উদ্ধাৰ কৰি প্ৰাণৰক্ষা কৰে আকিবে ৷ লগতে সহযোগী হিচাপে লয় বন্ধুদ্বয় আদনান খান আৰু দানিছ খানক । আৱদ্ধ লোকসকল আছিল অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা ষষ্ঠ মহলাত ৷

যিটো মহলাৰ আকিবো আছিল এজন বাসিন্দা । জীৱনৰ দুঃসময়তো আকিবে বিপদৰ মাজত এৰি আহিবলৈ প্ৰস্তুত নহ’ল সহবাসিন্দাসকলক । বৰ্তমান ২৯ বছৰীয়া আকিবে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত কয়” সেইদিনা সমগ্ৰ দিন ধৰি লোডশ্বেডিং চলি আছিল সন্ধিয়া বিদ্যু অহাৰ পাছত মই ম’বাইলটো চাৰ্জত দিবলৈ যাঁও। তেতিয়া মাই চিঞৰিবলৈ ধৰে ৷ জুইৰ ধোঁৱাৰ বাবে সেই সময়ত একো দেখা নোপোৱাৰ দৰে হয় । তাৰ পাছত লগে লগে মই দুজন বন্ধুলৈ ফোন কৰোঁ ৷ আমি তিনিও মিলি সকলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ ৷ মোৰ মা আৰু পত্নী সেই সময়ত এপাৰ্টমেণ্টত আছিল ৷ ধোঁৱা অধিক হোৱাত উশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছিল ৷ কিন্তু ঈশ্বৰে আমাক ৰক্ষা কৰিলে।”

Exit mobile version