মাজুলীত জিলা প্ৰশাসনেৰে বান-প্ৰস্তুতিৰ পৰ্যালোচনা গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেৰ

মাজুলীত ক’ভিড-১৯ৰ সমান্তৰালকৈ আসন্ন বান পৰিস্থিতিও চম্ভালিবলৈ জিলা প্ৰশাসনে চলোৱা আগতীয়া বান-প্ৰস্তুতিৰ আজি পৰ্যালোচনা কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেই ।  আজি জিলা সদৰ গড়মূৰস্থিত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মন্ত্ৰী দলেই মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰীৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নৰনাৰায়ণ নাথ, অতিৰিক্ত উপায়ুক্ত তথা ডিডিএমএৰ মুখ্য কাৰ্যবাহী বিষয়া নৰেণ দাসৰ উপৰি জিলাখনৰ ৰাজহ, স্বাস্থ্য, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, জলসম্পদ, জনস্বাস্থ্য, কাৰিকৰী, কৃষি, পশুপালন আৰু পশুচিকিৎসা, গড়কাপ্তানী (পথ), জলসিঞ্চন বিভাগ আৰু ব্ৰহ্মপুত্ৰ বৰ্ডৰ মূৰব্বী বিষয়াসকলে অংশগ্ৰহণ কৰা এই বৈঠকত উপায়ুক্ত কৈৰীয়ে জিলাখনত সমাগত বান পৰিস্থিতি মোকাবিলাৰ বাবে প্ৰশাসনৰ ফালৰ পৰা এতিয়াৰে পৰা গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে মন্ত্ৰীগৰাকীক বিস্তাৰিত ভাৱে অৱগত কৰায় ৷

বিশেষকৈ ক’ভিড-১৯ সৃষ্ট পৰিস্থিতিৰ মাজতে এইবাৰ বান-দুৰ্গত লোকসকলৰ ক্ষেত্ৰত ক’ভিড-১৯ৰ সকলো সতৰ্কতামূলক নিয়ম মানি উদ্ধাৰ আৰু সাহাৰ্য অভিযান চলাব পৰাকৈ জিলা প্ৰশাসনে সাজু কৰা কাৰ্য পৰিকল্পনাৰ বিষয়েও মন্ত্ৰী দলেক অৱগত কৰা হয়। ক’ভিড-১৯ প্ৰতিৰোধৰ লগতে আসন্ন বান পৰিস্থিতিৰ বাবেও মাজুলী জিলাত চৰকাৰী ভাৱে গ্ৰহণ কৰা ব্যৱস্থাৱলী পৰ্যবেক্ষণৰ বাবে মুখ্যমন্ত্ৰীৰ দ্বাৰা বিশেষ দায়িত্ব প্ৰাপ্ত মন্ত্ৰীগৰাকীয়ে বৈঠকত উপায়ুক্তৰ লগতে বিভিন্ন বিভাগক এইবাৰৰ বাৰিষাৰ সময়ছোৱাত বানাক্ৰান্ত ৰাইজক সকাহ দিব পৰাকৈ এতিয়াৰে পৰাই সম্পূৰ্ণ সাজু  হৈ থাকিবলৈ পৰামৰ্শ দিয়ে। তেওঁ জলসম্পদ বিভাগ আৰু ব্ৰহ্মপুত্ৰ বৰ্ডক জিলাখনত ৰূপায়ণ কৰি থকা বান-খহনীয়া প্ৰতিৰোধমূলক জৰুৰী আঁচনিসমূহ ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। একেদৰে, গড়কাপ্তানী (পথ) বিভাগকো জিলাখনৰ সকলো বাট-পথ বাৰিষাৰ সময়ছোৱাতো জনসাধাৰণৰ লগতে জৰুৰী সাহাৰ্য সামগ্ৰী পৰিবাহী বাহন চলাচল কৰিব পৰাকৈ যাতায়তৰ উপযোগী কৰি ৰাখিবলৈ মন্ত্ৰী দলেই বৈঠকত পৰামৰ্শ দিয়ে।

আনহাতে, জিলা খনত ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লোৱা ব্যৱস্থাৱলী সন্দৰ্ভতো  বৈঠকত পৰ্যালোচনা কৰে। উপায়ুক্ত কৈৰীয়ে এতিয়ালৈকে মাজুলীত ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। বহিঃৰাজ্যৰ পৰা এতিয়ালৈকে জিলাখনলৈ ঘূৰি অহা লোকসকলক লেলাউটি সংগ্ৰহ কৰি বিভিন্ন হোটেল আৰু অতিথিশালাত কোৱাৰেন্টাইনত ৰখাৰ বাবে লোৱা পদক্ষেপৰ লগতে লেলাউটি পৰীক্ষাত ক’ভিড-১৯ সংক্ৰমণমুক্ত প্ৰমাণিত হোৱা বহিঃৰাজ্যৰ পৰা অহা  লোকসকলক কোৱাৰেন্টাইনৰ পৰা হোম কোৱাৰেন্টাইনলৈ  পঠিওৱাৰ বাবে জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীত মন্ত্ৰী দলেই সন্তুষ্টি প্ৰকাশ কৰে। বহিঃৰাজ্যৰ পৰা গৃহজিলা মাজুলীলৈ ঘূৰি অহা দুখীয়া লোকসকলক জ’ব কাৰ্ড প্ৰদান কৰি এমজিএনৰেগা আঁচনিৰ কামত নিয়োজিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বৈঠকত জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক নিৰ্দেশ দিয়ে।

Exit mobile version