মুম্বাইত সৃষ্টি হৈছে নতুন আশা

IMG 20200601 192345

বয়স মাত্ৰ সাত সপ্তাহ। দিনৰ হিচাপত ধৰিবলৈ গ’লে ৪৯ দিন। পৃথিৱীৰ মুখ দেখাৰ এই দিনকেইটাৰ ভিতৰতেই মুম্বাইৰ এটি শিশু আক্ৰান্ত হল কৰ’নাত । আঢ়ৈ কিলোগ্ৰাম ওজনৰ এই শিশুটো যোৱা ১৩ মে’ত কৰ’নাৰ উপসৰ্গ লৈ ভৰ্তি হয় হাস্পতালত। নমুনা পৰীক্ষাৰ দুদিন পিছতে খবৰ আহিল শিশুটি ক’ভিড-১৯ পজিটিভ । যোৱা দুই সপ্তাহ ধৰি এই দুগ্ধপুষ্য শিশুটি হাস্পতালৰ ভেন্টিলেছনত আছে। যোৱা ১৮ মে’ত শিশুটিৰ মস্তিষ্কৰ অস্ত্ৰোপচাৰ কৰা হয় । চিকিৎসকে জনোৱা অনুসৰি শিশুটিৰ মস্তিষ্কত ৰক্তক্ষৰণ হৈছে । ইয়াৰ পৰা উপশম পাবলৈ হ’লে অস্ত্ৰোপচাৰ কৰা প্ৰয়োজন । অস্ত্ৰোপচাৰৰ কথা শুনি শিশুটিৰ মাতৃয়ে সন্তানক লৈ উদ্বিগ্ন হৈ পৰে । কিয়নো ইমান কম বয়সৰ শিশুৰ ক্ষেত্ৰত এনে অস্ত্ৰোপচাৰক জটিল বুলিব পাৰি ।

তদুপৰি অস্ত্ৰোপচাৰত সন্তানক হেৰুওৱাৰ সম্ভাৱনাও আাছিল । কিন্তু চিকিৎসকসকলৰ চেষ্টাত সফলতাৰে সম্পন্ন হয় এই অস্ত্ৰোপচাৰ । সম্প্ৰতি শিশুটিৰ অৱস্থা ক্ৰমে ভাললৈ আহিছে । নিয়মিতভাৱে খাদ্যগ্ৰহণো কৰিছে শিশুটিয়ে। হাস্পতালৰ চিকিৎসকে জনোৱা অনুসৰি শিশুটিৰ কৰ’না সন্দৰ্ভত দ্বিতীয়বাৰৰ বাবে নমুনা পৰীক্ষা কৰা হৈছে । দ্বিতীয় পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে । নিগেটিভ ফলাফল লাভৰ পাছতো শিশুটিক কিছুদিন পৰ্যবেক্ষণত ৰখা হয় । পাছত সম্পূৰ্ণভাৱে নিশ্চিত হোৱাত হাস্পতালৰ চিকিৎসকে শিশুটিক ঘৰলৈ নিয়াৰ অনুমতি প্ৰদান কৰে অভিভাৱকক । মুম্বাইৰ এই কণমানিটিয়ে কৰ’নাক পৰাজিত কৰিবলৈ সক্ষম হোৱাত পৰিয়ালৰ সদস্যসকলেও স্বস্তিৰ নিশ্বাস লৈছে । মৃত্যু উপত্যকা মুম্বাইত এই ঘটনাই নতুন আশাৰ সৃষ্টি কৰিছে।

Exit mobile version