মুম্বাইৰ ৯৯ বছৰ বয়সীয়া বৃদ্ধাক “চালাম”

IMG 20200601 192400

সমগ্ৰ বিশ্বজুৰি সংখ্যা বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ ৷ সমানেই কৰ’নাই জীৱন বাঢ়িছে কে’বা লাখৰ ৷ সেয়েহে সকলোৰে বৰ্তমান এটাই আশা ৷ কোনোমতে উপস্থিত হ’ব লাগে আপোন ঘৰখনত। কৰ্মক্ষেত্ৰ এৰি হ’লেও ঘৰলৈ উভতিছে শ্ৰমিকসকল ৷ দেশৰ এটা প্ৰান্তৰ পৰা আনটো প্ৰান্তলৈ যাত্ৰা কৰিছে শ্ৰমিকসকলে ৷ হাতত খাবলৈ খাদ্য নাই ৷ পকেটত নাই টকা। তথাপি ঘৰলৈ ওভতাৰ অবিৰত চেষ্টা ৷এনে অৱস্থাত শ্ৰমিকসকলৰ কাষত উপস্থিত হৈছে বহুজন । পথত তেওঁলোকক পানী আৰু খাদ্য যোগান ধৰিছে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে । এনেসকলৰ স’তেই এইবাৰ আগবাঢ়ি আহিছে এগৰাকী ৯৯ বছৰ বয়সীয়া মহিলা ৷

সম্প্ৰতি এই বৃদ্ধা গৰাকীৰ এটি ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। বৃদ্ধাগৰাকী মুম্বাইৰ বাসিন্দা ৷ ভিডিঅ’টোত মহিলাগৰাকীক পৰিভ্ৰমী শ্ৰমিকসকলৰ বাবে খাদ্যৰ পেকেট বনাই থকা দেখা গৈছে । পেকেটত ভৰোৱা খাদ বিলাক মহিলাগৰাকীয়ে নিজেই তৈয়াৰ কৰিছে ৷ প্ৰতিদিনে মহিলাগৰাকীয়ে এইদৰে পেকেটত খাদ্য ভৰাই শ্ৰমিকৰ মাজত বিতৰণ কৰিছে । ভিডিঅ’টোত বহুজনে নিজ নিজ মন্তব্যও কৰিছে । এই শ্ৰমিকসকলক সহায়ৰ বাবে স্বেচ্ছাসেৱী সংগঠনৰ লগতে আৰক্ষী প্ৰশাসনৰ লোকসকলো আগবাঢ়ি আহিছে। অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে খোজকাঢ়ি ঘৰলৈ ওভতা শ্ৰমিকৰ বাবে জোতাৰো ব্যৱস্থা কৰিছে আৰক্ষী প্ৰশাসনে । কিন্তু ৯৯ বছৰ বয়সীয়া বৃদ্ধাগৰাকীক এই ক্ষেত্ৰত সকলোৱে চালাম জনাইছে ।

Exit mobile version