সীমান্তৰ কাঁইটীয়া তাঁৰ গছকি গাৰো পাহাৰেদি বাংলাদেশৰ বৰাইবাৰীৰ ধাননি পথাৰত বন্যহস্তীৰ জাক

Elephants00

মানকাছাৰৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী বাংলাদেশৰ বৰাইবাৰীৰ ধাননি পথাৰত সোমাল বৃহৎ হাতীৰ জাক । ৩০ ৰ পৰা ৩৫ জনীয়া বন্যহস্তীৰ জাকটোৱে নিশা খাদ্যৰ সন্ধানত মেঘালয়ৰ গাৰো পাহাৰ সীমান্তয়েদি বাংলাদেশত প্ৰবেশ কৰিছিল ৷ পুৱা ভাৰত আৰু বাংলাদেশ সীমান্তৱৰ্তী বৰাইবাৰী ধাননি পথাৰত উপস্থিত হৈ পকা ধান খাই তহিলং কৰে জাকটোৱে । ইফালে মানকাছাৰৰ কাকৰীপাৰা সীমান্তত শ শ লোকে হাতীৰ জাকটোক ভিতৰত প্ৰবেশ বাধা দিয়ে যদিও সম্প্ৰতি বাংলাদেশৰ বৰাইবাৰীৰ ধাননি পথাৰত হাতীৰ জাকটোৱে আশ্ৰয় লৈ আছে ।

পুৱাৰ পৰা সীমান্তৰ ধাননি পথাৰত আশ্ৰয় লোৱা হাতীৰ জাকটো চাবলৈ কাঁইটীয়া তাঁৰৰ দুয়ো ফালৰ বাংলাদেশ আৰু ভাৰতীয় নাগৰিকে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ স্থানীয় ৰাইজৰ প্ৰকাশ কৰা মতে মেঘালয়ৰ সীমান্ত কাঁইটীয়া তাঁৰৰ অতিক্ৰম কৰি বাংলাদেশৰ ভূমিত প্ৰবেশ কৰিছে বনৰীয়া হাতীৰ জাকটোৱে । মেঘালয়ৰ গাৰো পাহাৰৰ পৰা ভাৰত বাংলাদেশ সীমান্তয়েদি বাংলাদেশলৈ হাতীৰ জাক প্ৰৱেশ কৰি সীমান্তৱৰ্তী অঞ্চলটোৰ ধাননি পথাৰ তহিলং কৰিছে যদিও দুয়োখন দেশৰ বন বিভাগে হাতীৰ জাকটোক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।

Exit mobile version