অবোধ ৰহমতৰ কাষত নেতা -মন্ত্ৰী

IMG 20200602 191616

এছবেষ্টছৰ চালি দিয়া একোঠলীয়া এটি জুপুৰীত কোনোমতে দুই শিশু নাতিক লৈ মূৰ গুজি আছে পঞ্চাশোৰ্দ্ধৰ শ্বাইৰুন বিবি আৰু ভোকা মীৰে। কন্যা আৰভিনা খাতুনক কবৰ দি অহাৰ পাছত ঘৰৰ পৰা ওলাবলগীয়া হোৱা নাই । কিয়নো সেই জুপুৰীতে এতিয়া ভিৰ কৰিছেহি চৰকাৰী বিষয়াৰ পৰা আৰম্ভ কৰি জনপ্ৰতিনিধিনেতা, স্বেচ্ছাসেৱী সংগঠনৰ কৰ্মকর্তাই । সকলোৱে কাষত থকাৰ আশ্বাস দিছে । উপহাৰ-আদৰেৰে ভৰাই দিছে তেওঁলোকৰ দুই নাতি আৰমান আৰু ৰহমতক। অথচ আহমেদাবাদৰ পৰা বিহাৰৰ মুজফফপুৰলৈ ৰেলত উঠি অহাৰ সময়ত ভালদৰে এমুঠি খাবলৈ পোৱা নাছিল দুই শিশুৱে । অনাহাৰক্লিষ্ট ৰুগ্ন শৰীৰেৰে দীঘলীয়া ৰেলযাত্ৰাৰ কষ্ট সহ্য কৰিব পৰা নাছিল দুই শিশুৰ মাতৃ আৰভিনা খাতুনে ।মুজফফপুৰত ৰেলৰ পৰা নমাৰ পাছতে ভাগৰত প্লেটফৰ্মৰ মজিয়াতে শুই পৰিছিল তেওঁ ।

২৩ বছৰীয়া সেই মহিলাই আৰু উঠিব নোৱাৰিলে । ডেৰ ঘণ্টা প্লেটফৰ্মতে পৰি আছিল মহিলাৰ নিথৰ শৰীৰ।সহযাত্ৰীসকলে এখন কাপোৰেৰে আৰভিনাৰ শৰীৰ ঢাকি দিছিল । সেই কাপোৰ খনকে টানি টানি মাতৃক উঠাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল ডেৰ বছৰীয়া শিশু ৰহমতে । অবোধ শিশুটিৰ সেই মৰ্মান্তিক ভিডিঅ’ পলকতে ভাইৰেল হৈ পৰিছিল। ইয়াৰ পাছতে নেতা-মন্ত্ৰীসকলৰ সোঁত বৈছে ৰহমতৰ ককাক-আইতাকৰ গৃহলৈ । আৰজেডিৰ নেতা তেজস্বী যাদৱে ইতিমধ্যে পাঁচ লাখ টকা দান দিছে । বিহাৰৰ সমাজ কল্যাণ দপ্তৰৰ ‘পৰৱাৰিছ’ আঁচনিৰ আওতাত প্ৰতি মাহে চাৰি হেজাৰকৈ টকা দিয়াৰ কথা ঘোষণা কৰিছে ।

মুখ্যমন্ত্ৰীৰ পৰিয়াল কল্যাণ পুঁজিৰ পৰাও ২০হেজাৰ টকা দিয়া হৈছে । এইসকলক চেৰাই গৈ দুই শিশুৰ আজীৱন দায়িত্ব লোৱাৰ ইচ্ছা ব্যক্ত কৰিছে ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টি অৱ ইণ্ডিয়াৰ বিহাৰৰ ৰাজ্যিক সভাপতি নাছিম আখটাৰে । কাটিহাৰৰ প্ৰাণপুৰৰ মায়দংগি গাঁৱত ককাক-আইতাকৰ স’তে থকা আৰমান আৰু ৰহমতে এতিয়াও বুজি পোৱা নাই যে সিহঁতৰ মাতৃ আৰু কেতিয়াও উভতি নাহে । এই সন্দৰ্ভত নাছিম আখটাৰে কয়, ‘শিশু দুটিৰ সমগ্ৰ জীৱনৰ খৰচ ব্যয় কৰিব বিচাৰো । প্ৰয়োজন হ’লে সিহঁতক মোৰ ঘৰলৈ আনি নিজৰ পুত্ৰৰ দৰে মানুহ কৰিম । সেই ইচ্ছা লৈয়ে ৰহমতহঁতৰ ঘৰলৈ গৈছিলো ।’ শিশুদুটিৰ অভিভাৱকে অৱশ্যে এতিয়াও সেই সিদ্ধান্ত ল’ব পৰা নাই । ইয়াৰ বাবে কিছু সময় বিচাৰিছে ।

উল্লেখ্য যে নাছিম আখটাৰৰ এখন নিজা স্কুল আছে । সেই স্কুলতে ভৰ্তি কৰা হ’ব আৰমানক । উল্লেখ্য যে ৰহমত গৰ্ভত থকাৰ সময়তে আৰভিনাক এৰি গুচি গৈছিল স্বামী মহম্মদ ইছলামে । সাত বছৰৰ পূৰ্বে তেওঁলোকৰ বিবাহ হৈছিল । ৰহমতৰ আইতাক শ্বাইৰুনে কয় যে আৰভিনাক এৰি যোৱাৰ পাছতে ইছলামে কোনোদিনেই তেওঁলোকৰ খবৰ লোৱা নাছিল । ৰহমতে কেতিয়াও পিতৃৰ মুখ দেখা নাই । শ্বাইৰুনৰ আন এজন জোঁৱায়েক মহম্মদ ৱাজিৰে আহমেদাবাদত ৰাজমিস্ত্ৰিৰ কাম কৰে ।

ৱাজিৰৰ সহযোগতে নিজৰ লগতে দুই সন্তানৰ পেট পূৰাবলৈ আহমেদাবলৈ গৈ আৰভিনাই নিৰ্মাণ শ্ৰমিকৰ সহযোগীৰূপে কাম কৰিছিল । তাৰ বাবদ লাভ কৰিছিল দৈনিক তিনিশ টকা । তলাবন্ধত আৰ্থিক সমস্যাই জুৰুলা কৰাত তেওঁ দুই সন্তানক লৈ বিশেষ শ্ৰমিক ৰেলত উঠিছিল । ৱাজিৰো লগত আহিছিল। সেই ৱাজিৰেই জানিবলৈ দিছিল যে ২৩মে’ত ৰেলত উঠাৰ পাছত তেওঁলোকে খাবলৈ পাইছিল । তাৰ পিছত ২৫মে’তহে খাবলৈ দিয়া হয় । মাজৰ সময়ছোৱাত অধিকাংশ যাত্ৰীয়েই অনাহাৰত আছিল।

Exit mobile version