আঙুঠি বিনিময়-শপত বাক্য পাঠৰে পাঁচ মিনিটতে গাড়ীৰ ভিতৰতে সম্পন্ন হ’ল বিয়া

Wedding 1 1

গাড়ীৰ ভিতৰতে সম্পন্ন হ’ল ১৫খনকৈ বিয়া । ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ মহানগৰত সামূহিকভাৱে সম্পন্ন হয় এই বিয়া । কাৰ্ণিভেল আৰু চাম্বাৰ বাবে বিখ্যাত মহানগৰখনৰ এটি পাৰ্কিং কমপ্লেক্সত এই বিয়া সম্পন্ন হয় । এই বিয়া সম্পন্ন হোৱাৰ সময়ত স্বাভাৱিকতে তেনেকৈ বিশেষ অতিথি উপস্থিত নাছিল । উল্লেখ্য যে সম্প্ৰতি বিশ্বত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পাছতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত ব্ৰাজিল দ্বিতীয় স্থানত আছে ।ব্ৰাজিলত প্ৰতিদিনে অভিলেখ সংখ্যক কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে; কিন্ত এনে এক অৱস্থাৰ মাজতো জীৱনৰ গতি স্বাভাৱিক কৰি ৰাখিবলৈ চেষ্টা কৰি গৈছে দেশখনৰ অনেক বাসিন্দাই । এনে পৰিস্থিতিত অন্যান্য সকলো কামৰ লগতে বিবাহ উপযুক্ত সকলেও বহি থাকিব বিচৰা নাই । এই সময়ত সম্পন্ন বিয়া বিলাকত সাধাৰণ সময়ৰ দৰে অতিথি-আত্মীয় হ’বলৈ লৈছে ।

পৰিস্থিতি অনুকূল নহ’লেও কৰ’নাৰ সংক্ৰমণৰ মাজতে সুৰক্ষা উলিয়াই বিয়াত বহিছে আগ্ৰহীসকলে ।সামাজিক দূৰত্ব অক্ষুন্ন ৰাখিও দৰা-কইনাই চাৰি হাত এক কৰিছে । এনে চিন্তা-ভাৱনাৰেই ব্ৰাজিলত কিছুসংখ্যক যুগলে ঘৰৰ বাহিৰতেই বিয়াৰ আনুষ্ঠানিকতা সম্পন্ন কৰাৰ বাবে উল্লিখিত অভিনৱ পন্থা গ্ৰহণ কৰিছে । ৰিঅ’ ডি জেনেইৰ’ৰ পাৰ্কিং কমপ্লেক্সত ৰখাই থোৱা গাড়ীকে বিবাহ মণ্ডপ হিচাপে ব্যৱহাৰ কৰা হৈছে । এনে বিয়াত সৰ্বাধিক পাঁচ মিনিট সময়ৰ প্ৰয়োজন হৈছে । ৰিঅ’ ডি জেনেইৰ’ত বিয়া সম্পন্ন হোৱা সকলৰ মাজত এৰিকা বাংক আৰু জোয়অ’ই অন্যতম । বিয়া সম্পন্ন হোৱাৰ পাছত এই নৱ দম্পতীয়ে কয়, ‘এনে পৰিস্থিতিত ইমান ততাতৈয়াকৈ বিয়া কৰিব পাৰিম বুলি ভাবিব পৰা নাছিলো; কিন্ত শেষ পর্যন্ত বিয়াখন সম্পন্ন হোৱাত আমি দুয়ো যথেষ্ট আনন্দিত ।’

Exit mobile version