আমপানৰ তাণ্ডৱত ধ্বংস হ’ল প্ৰায় ১৬ লাখ গছ

IMG 20200602 191633 1

মহাঘূর্ণী আমপানৰ ধ্বংস লীলাত অধিক ক্ষতিগ্ৰস্ত হৈছে পশ্চিমবংগ । ৰাজ্যখনৰ দক্ষিণ দিশৰ দুখনকৈ ২৪ পৰাগনা জিলা, সুন্দৰবন আৰু উপকূলৱৰ্তী অঞ্চল প্ৰায় তছনছ হৈ পৰিছে । প্ৰৱল ধুমুহাৰ কবলত পৰি উভালি পৰিছিল প্ৰায় ১৬ লাখ গছ । এই পৰিস্থিতিত ক্ষতিপূৰণৰ মান প্ৰায় ১০গুণ বৃদ্ধিৰ সিদ্ধান্ত ল’লে পশ্চিমবংগৰ চৰকাৰে । কলকাতা পৌৰসভা, ৰাজ্যৰ বন বিভাগ আৰু পৰিৱেশ দপ্তৰে নিজৰ মাজত সমন্বয় ৰাখি প্ৰায় ছয় কোটি ৫০লাখ গছপুলি ৰোপণৰ পৰিকল্পনা গ্ৰহণ কৰিছে । ইয়াৰ উপৰি কলকাতাসহ ৰাজ্যখনৰ চহৰ অঞ্চলসমূহত সেউজ পৰিৱেশ ৰক্ষা কৰিলে কৰ ৰেহাই দিয়া হ’ব বুলিও ঘোষণা কৰিছে পৌৰসভাই ।

এই সন্দৰ্ভত ইতিমধ্যে ৰাজ্যখনৰ বনমন্ত্ৰী, ৰাজ্য প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ তথা বৃক্ষ সৃজন আৰু প্ৰতিস্থাপনৰ বিশেষজ্ঞসকলে এক বৈঠকত মিলিত হয় । উক্ত বৈঠকতে সিদ্ধান্ত লোৱা হয় যে চহৰ বা গাঁৱৰ অঞ্চলত গছ বাগৰি পৰিছে, তাত দ্ৰুতগতিৰে নতুনকৈ গছ ৰোৱা হ’ব । যিবোৰ অঞ্চলত গছ নতুনকৈ প্ৰতিস্থাপন কৰা সম্ভৱ, সেইবোৰ স্থানত পৰি যোৱা গছবোৰ প্ৰতিস্থাপন কৰা হ’ব । ইতিমধ্যে কলকাতাৰ একাংশ অঞ্চলত এই কাৰ্য আৰম্ভ হৈছে । এই সন্দৰ্ভত আজি ৰাজ্যখনৰ বনমন্ত্ৰী ৰাজীৱ বেনাৰ্জীয়ে কয় , ‘আমপানৰ তাণ্ডৱত প্ৰচুৰ গছ ক্ষতি হৈছে । প্ৰায় ১৬লাখ গছ বাগৰি পৰিছে । প্ৰায় এক লাখ ৬০হেক্টৰ ভূমিৰ সেউজ পৰিৱেশ বিনষ্ট হৈছে এজোপা গছৰ সলনি ১০জোপা গছ ৰোৱা হ’ব । অহা পাঁচ জুনৰ পৰাই দ্ৰুতগতিৰে গছ ৰোপণৰ কাম আৰম্ভ কৰাৰ আঁচনি লোৱা হৈছে।’

আনহাতে, ৰাজ্যখনৰ পৌৰ আৰু নগৰ উন্নয়ন মন্ত্ৰী ফিৰহাদ হাকিমে কয় যে চহৰৰ যিবোৰ স্থানত গছ পৰিছে ,সেইবোৰ স্থানত শীঘ্ৰে গছ ৰোপণ নকৰিলে ভূমি দখল হ’ব পাৰে । ইফালে, প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ কল্যাণ ৰুদ্ৰই কয় যে অক্টোবৰৰ পৰা প্ৰদূষণ বৃদ্ধি পাবলৈ ধৰে । গতিকে তাৰ আগতেই গছ ৰোপণ কৰিব লাগিব । আনকি এতিয়াৰে পৰা বাসগৃহৰ নক্সা অনুমোদন দিবলৈ হ’লে তাত কি গছ লগোৱা হ’ব পাৰে তাৰ এখন আইন কৰা উচিত বুলিও দাবী উত্থাপন হৈছে । কিয়নো বহু লোকে নিজ ইচ্ছা অনুসাৰে বাসগৃহৰ চৌহদত গছ লগোৱাৰ বাবে ধুমুহাত প্ৰচুৰ ক্ষয়ক্ষতি হয় বুলিও আইনৰ দাবী উত্থাপন কৰা সকলে যুক্তি দৰ্শাইছে ।

Exit mobile version