প্ৰায় ৭০ দিনৰ অধিক সময় কৰ্মহীন হৈ পৰা নলবাৰীৰ মৃদুল দাস নামৰ যুৱকজনে মহনগৰীৰ ৰুক্মিণীগাঁৱৰ এখন ফায়াৰ এক্সিটিংগুইছাৰ ৰিফিলিঙৰ দোকানত কৰ্মচাৰী হিচাপে যোগদান কৰা প্ৰথম দিনটোতে মৃত্যুক আঁকোৱালি ললে | মঙলবাৰে দুপৰীয়া সময়ত কৰ্মৰত অৱস্থাত এটা চিলিণ্ডাৰ বিস্ফোৰণ সংঘটিত হয় আৰু দোকানখনত থকা একমাত্ৰ কৰ্মচাৰী মৃদুল ঠাইতে ধলি পৰি মৃত্যু হয় ।
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰাৰ সমান্তৰালভাৱে মৃতদেটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে | আৰক্ষীয়ে ঘটনাৰ সংক্ৰান্তত কয় যে বিনিতা ভৰালী নামৰ মহিলাগৰাকীৰ নামত আছিল দোকানখন আৰু সকলো নথি-পত্ৰ পৰীক্ষাৰ কাম আৰম্ভ হৈছে |