তলাবন্ধৰ সময়ত বেলশিৰি নৈত ৰাইজে নিৰ্মাণ কৰিলে দলং

IMG 20200602 112525

স্বাধীনতাৰ ৭২ বছৰ পিছত শোণিতপুৰ জিলাৰ মিছামাৰীৰ বেলশিৰিবাসীয়ে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছে এখন আশাৰ দলং। সুদীৰ্ঘ বছৰে চৰকাৰ জনপ্ৰতিনিধিলৈ বাট চাই অৱশেষত আশাহত হৈ আতংক আৰু তলাবন্ধৰ মাজতে ৰাইজে ল’লে সমূহীয়া উদ্যোগ। মিছামাৰীৰ বেলশিৰি, ননকে বেলশিৰি অঞ্চলত বেলশিৰি নৈৰ ওপৰত দলং নথকাত বছৰ বছৰ ধৰি ইয়াৰ গঞাই নানান সমস্যাৰ সন্মুখীন হৈ আহিছে । ইমানে নহয় দলং নথকা বাবে কাষতে থকা ৰেলৱে দলঙেদি অহা যোৱা কৰোতে এতিয়ালৈকে ১৪ জনতকৈ অধিক লোকে ৰেলৰ খুন্দাত মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে। বহুতে ঘুনীয়া হ’বলগীয়াও হৈছে ৰেলৰ খুন্দাত । বিকল্প দলং নিৰ্মাণৰ বাবে বহুবাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰ জনপ্ৰতিনিধি কিম্বা বিভাগে নুবুজিলে তেওঁলোকৰ সমস্যা। সেইবাবে বেলশিৰি অঞ্চলৰ ৰাইজে কৰ’না আতংক আৰু তলাবন্ধৰ মাজতে গাঁঠিৰ ধন ভাঙি নিজে শ্ৰমদান কৰি বেলশিৰি নৈৰ ওপৰত বাঁহৰ দলং নিৰ্মাণৰ কাম পূৰ্ণগতিত অব্যাহত ৰাখিছে। এসপ্তাহৰ ভিতৰতে এই আশাৰ দলঙৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’লে আৰম্ভ হ’বা যাতায়ত।

উল্লেখ্য যে দলংখনে বৃহৎ অঞ্চলটোক সংযোগ কৰিব। ইমানদিনে এই ঠাইত বিকল্প দলং নাছিল। তলাবন্ধৰ মাজতে ৰাইজে লোৱা এই প্ৰশংসনীয় পদক্ষেপৰ বাবে ৰাইজক যাতায়তৰ যথেষ্ট সকাহ দিব। এই সন্দৰ্ভত উক্ত বাঁহৰ দলং নিৰ্মাণত বিশেষ উদ্যোগ লোৱা স্থানীয় ব্যক্তি ভিক্টৰ নাৰ্জাৰী আৰু অজিত তালুকদাৰে কয়, ‘এখন দলঙৰ অভাৱত আমি বছৰ বছৰ ধৰি যন্ত্ৰণা ভোগ কৰি আহিছো। চৰকাৰ-জনপ্ৰতিনিধিলৈ বাট চালো, কিন্তু আমাৰ মৰ্মবেদনা তেওঁলোকে নুবুজিলে। যাৰ বাবে গাঁঠিৰ ধন ভাঙি বাঁহৰ দলং নিৰ্মাণ কৰি অন্ততঃ যাতায়তৰ ক্ষেত্ৰত কিছু হ’লেও ৰাইজক সকাহ দিবলৈ এই উদ্যোগ লোৱা হৈছে। চৰকাৰলৈ আমাৰ অনুৰোধ ইয়াত স্থায়ী দলং নিৰ্মাণ কৰক।’

Exit mobile version