প্ৰসংগ কৰ’না ভাইৰাচ

647481 parliament 1 pti

সম্প্ৰতি কৰ’নাই সমগ্ৰ বিশ্বতে সকলোবোৰ ক্ষেত্ৰতে ব্যাপক পৰিৱৰ্তন সাধন কৰিছে ৷ এইবাৰ কৰ’নাই ইতিহাস পৰিৱৰ্তন কৰি এক ঐতিহাসিক সিদ্ধান্ত ল’বৰ কাৰণে বাধ্য কৰালে দেশৰ দুই সদনক । কাৰণ অতি শীঘ্ৰে অনুস্থিত হ’ব গ্ৰীষ্মকালীন অধিবেশন ৷ ইয়াৰ বিপৰীতে দেশত সম্প্ৰতি ক’ভিড১৯ৰ সন্ত্ৰাস । গতিকে সোমবাৰে এই দেশত ক’ভিড-১৯ ৰ সন্ত্ৰাসৰ মাজত আগন্তুক গ্ৰীষ্ম কালীন অধিবেশন অনুষ্ঠিত কৰিব সেই সন্দৰ্ভত লোক সভা আৰু ৰাজ্য সভাৰ দুয়োগৰাকী অধ্যক্ষই বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হয় ৷ ইফালে সদনত ৰাজ্য সভা আৰু লোকসভাৰ অধ্যক্ষসকলে সকলৰ কাৰণে ৭৯০ খন আসন আছে ৷

ইয়াৰে লোকসভাৰ সদস্যৰ আসন ৫৪৫ খন আৰু ৰাজ্য সভাৰ আসন হৈছে ২৪৫ খন। ৰাজ্য সভা আৰু লোকসভাৰ সদস্যসকলৰ কাৰণে অতিৰিক্ত আসনৰ ব্যৱস্থা নাই সদনত।গতিকে সামাজিক দূৰত্ব বৰ্তাই ৰাখি অধিবেশন অনুষ্ঠিত কৰিবলৈ কোনো অতিৰিক্ত আসনৰ অভাৱ সদনত। সম্প্ৰতি দুই সদনৰ উচ্চ স্তৰীয় বিষয় ববীয়াই কৰ’নাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যুটীয়া সদনৰ অধিবেশন অনুষ্ঠিত হোৱা তথা প্ৰায় ৮০০ আসন থকা প্ৰেক্ষাগৃহত, সামাজিক দূৰত্ব বৰ্তাই ৰাখি গ্ৰীষ্ম কালীন অধিবেশন অনুষ্ঠিত হ’ব ৷ আনহাতে গ্ৰীষ্ম কালীন অধিবেশন সাধাৰণতে জুলাই আগষ্টত অনুষ্ঠিত হয় ৷ কিন্তু এইবাৰ কৰ’না ভাইৰাছৰ কাৰণে অধিবেশনত প্ৰভাৱ পৰিছে ৷

Exit mobile version