- কেন্দ্ৰই ঘোষণা কৰা পঞ্চম পৰ্যায়ৰ তলাবন্ধৰ গাইডলাইনৰ পাছতে ৰাজ্য চৰকাৰে নিজাববীয়াকৈ এখন গাইডলাইন প্ৰকাশ কৰে ৷
- এইমৰ্মে অহা আঠ জুনৰ পৰা ধৰ্মীয় অনুষ্ঠান আৰু উপাসনাস্থলীসমূহ মুকলি কৰাৰ পাছত ইয়াত এঘণ্টাত সৰ্বাধিক ২০ জন লোক উপস্থিত থাকিব পাৰিব বুলি কোৱা হৈছে।
- অৱশ্যে যদি কোনো ধৰ্মীয়স্থানৰ পৰিসীমা সৰু হয় ৷ তেন্তে পৰিচালনা কমিটিয়ে ইয়াত উপস্থিতৰ সংখ্যা হ্ৰাস কৰিব লাগিব ।
- প্ৰতিটো ধৰ্মীয় অনুষ্ঠানে প্ৰতি ঘন্টাত দৰ্শনাৰ্থীৰ সংখ্যা নিয়ন্ত্ৰণৰ বাবে এবাৰ ব্যৱহাৰযোগ্য কাগজৰ টোকেন দিব লাগিব।
- ধৰ্মীয় অনুষ্ঠানত প্ৰবেশৰ পূৰ্বে এই টোকেন যাতে সুৰক্ষিতভাৱে পেলাই দিয়া হয়, সেই কথা নিশ্চিত হ’ব লাগিব।
- হোটেল, ৰেস্তোৰাঁ আৰু অন্যান্য আতিথ্য সেৱাসমূহ আঠ জুনৰ পৰা মুকলি কৰি দিয়া হ’ব। এইসমূহৰ সামৰ্থ্যৰ ৫০ শতাংশহে একে সময়তে ব্যৱহাৰ কৰিব পাৰিব আৰু সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।
- একেদৰে শ্বপিং মলতো সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব বুলি নিৰ্দেশটোত কোৱা হৈছে যদিও একে সময়তে শ্বপিং মলত কিমান মানুহে প্ৰবেশ কৰিব সেই বিষয়ে নিৰ্দেশনাটোত উল্লেখ নাই।
- আনহাতে,বহাৰ ব্যৱস্থা নথকা যোগ-ব্যায়াম, মৰ্ণিং ৱাক, জ’গিং আদি কৰিব পৰা মুকলি স্থান আৰু ৰাজহুৱা উদ্যানসমূহ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে বুলি ৰাজ্য চৰকাৰে নিৰ্দেশটোত কৈছে ।
- চৰকাৰী আৰু ব্যক্তিগতভাৱে কৰা ফিল্ম আৰু ভিডিঅ’ শ্বুটিং মুকলি স্থান আৰু ষ্টুডিঅ’ কৰিবৰ বাবে অনুমতি দিয়া হৈছে ।
- চুলি কাটিবৰ কাৰণে চেলুন মুকলি কৰি দিয়া হৈছে। এই ক্ষেত্ৰত সামাজিক দূৰত্ব মানি চলিব লাগিব ৷ মাস্ক ছেনিটাইজাৰ সঘনে ব্যৱহাৰ কৰিব লাগিব ৷
- চেলুন বা পাৰ্লাৰত কিমানজনকৈ মানুহ সোমাব পাৰিব সেই বিষয়ে কোনো উল্লেখ নাই।
- আনহাতে নিশা ন বজাৰ পৰা পুৱা পাঁচ বজালৈ কোনো লোক চলাচল কৰিব নোৱাৰিব । অৰ্থাৎ সান্ধ্য আইন বাহল থাকিব ৷
- তদুপৰি ৬৫ বছৰৰ ওপৰৰ লোক, জটিল ৰোগত আক্ৰান্ত লোক, গৰ্ভৱতী মহিলা আৰু ১০ বছৰৰ তলৰ শিশুক ঘৰতে থাকিবলৈ কোৱা হৈছে ।
- ৰাজ্যত দুচকীয়া বাহনৰ ক্ষেত্ৰত দুজন আৰোহী নিষেধ কৰা হৈছে । অৱশ্যে মহিলা আৰু ১২ বছৰ বয়সৰ শিশুৰ ক্ষেত্ৰত এই বাধা নাথাকিব ৷
- কেন্দ্ৰৰ নিৰ্দেশ অনুসৰি চিনেমা হল, জিম, ছুইমিং পুল, প্ৰমোদ উদ্যান, বাৰ, থিয়েটাৰ, প্ৰেক্ষাগৃহ তথা ৰাজহুৱা, ৰাজনৈতিক ,শৈক্ষিক সাংস্কৃতিক, বিনোদন ক্ৰীড়া, সমাবেশ আদি কৰিব নোৱাৰিব ।
- পৰৱৰ্তী নিৰ্দেশ লাভ নকৰা পৰ্যন্ত স্কুল, কলেজ, বিশ্ববিদ্যালয়, ক’চিং চেন্টাৰ আদি বন্ধ থাকিব ৷ কন্টেইনমেন্ট জ’নত কোনো ধৰণৰ কাৰ্য-কলাপ নচলিব ।
ADVERTISEMENT