অৰ্থনৈতিক বিকাশ ঘূৰাই পাব ভাৰতে মোক বিশ্বাস কৰক: মোদী

Modi

ভাৰতে সোনকালেই অৰ্থনৈতিক সুস্থ অৱস্থা ঘূৰাই পাব বুলি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷কৰ্পৰেট গোষ্ঠী আৰু অৰ্থনীতিবিদৰ এক সমাবেশক সম্বোধি মোদীয় কয় কয়” আমি অৰ্থনৈতিক বিকাশ ঘূৰাই পাম। মোক বিশ্বাস কৰক,এয়া ইমান কঠিন নহয় ।লগতে তেওঁ কয় যে “আপোনালোক হয়তো আচৰিত হৈছে যে মই কিদৰে এই বিষয়ে ইমান নিশ্চিত ।ভাৰতৰ প্ৰতিভা আৰু উদ্ভাৱনৰ ওপৰত মোৰ বিশ্বাস আছে।

ADVERTISEMENT

ইয়াৰ কঠোৰ পৰিশ্ৰম আৰু উৎসৰ্গা উদ্যোগীসকল আৰু কৰ্মক্ষেত্ৰৰ ওপৰত মোৰ বিশ্বাস আছে। ভাৰতীয় উদ্যোগৰ মহাসংঘৰ ১২৫ বছৰীয়া বাৰ্ষিকীত ভাষণ দি মোদীয়ে এইদৰে কয় ৷তেওঁ কয় যে এহাতে সুৰক্ষিত হৈ থাকি ক’ভিড১৯ৰ নিয়ন্ত্ৰণ নিশ্চিত কৰাৰ লগতে আনহাতে অৰ্থনীতিৰ গতি অব্যাহত থাকিব লাগিব। এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে ৷ তেওঁ কয় “কৰ’নাই ভাৰতৰ অৰ্থনীতিৰ গতি লেহেম কৰিছে যদিও ভাৰতে এতিয়া তলাবন্ধ প্ৰত্যাহাৰৰ প্ৰথম পৰ্যায়ত উপনীত হৈছে।

সেয়েহে এই বিকাশ ওভতাই অনাৰ পথত খোজ ইতিমধ্যে আৰম্ভ হৈছে ৷তেও কয় যে আত্মনিৰ্ভৰশীল ভাৰতৰ লক্ষ্যৰে তেওঁৰ চকা আগবাঢ়িছে। ভাৰতীয় উদ্যোগৰ কাষতে তেওঁ থিয় দি আছে বুলিও তেওঁ আশ্বাস দিয়ে। তদুপৰি তেওঁ কয় “উদ্যোগ জগতে এখোজ আগবাঢ়িলে চাৰি খোজ আগবাঢ়িব ৷উদ্যোগ মহলৰ ওচৰতে আছে আত্মনিৰ্ভৰ”হোৱাৰ পথ ৷বিশ্ব বজাৰৰ কথা লক্ষ্য ৰাখি পণ্য উৎপাদন কৰিব লাগিব।

Exit mobile version