উত্তপ্ত আমেৰিকাঃ মাৰ্ক জুকাৰবাৰ্গৰ বিৰুদ্ধে অভিযোগ স্বয়ং ফে’চবুক কৰ্মীৰ

mark zuckerberg

কৃষ্ণাংগ যুৱক জৰ্জ ফ্ল’য়েডৰ হত্যাকাণ্ডক লৈ আমেৰিকাৰ কমেও ৭৫ খন চহৰত ব্যাপক প্ৰতিবাদ অব্যাহত আছে ।এই হত্যাকাণ্ডৰ বিৰোধিতাৰে প্ৰতিবাদকাৰীয়ে পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ পাছতে মিনিয়াপলিচ,নিউয়ৰ্ক,চিকাগো,আটলাণ্টা,মায়ামি,পৰ্টলেণ্ডসহ কমেও ১৩ খন চহৰত সম্প্ৰতি সান্ধ্য আইন বাহাল আছে ।

ফ্ল’য়েডৰ মৃত্যুত শোক প্ৰকাশ কৰিলেও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই হত্যাকাণ্ডৰ বিৰোধিতাৰে হোৱা বিক্ষোভক কঠোৰভাৱে দমনৰ পোষকতা কৰিছেহ এনে বিক্ষোভ আমেৰিকাই সহ্য নকৰে বুলিও ট্ৰাম্পে টুইট কৰি ঘোষণা কৰিছে। ট্ৰাম্পে একেটা টুইট ফেচবুক পেজটো শ্বেয়াৰ কৰিছে। বিতৰ্কিত টুইট টুইটাৰে ডিলিট কৰি দিয়ে।

যদিও ফেচবুক মাৰ্কিন ৰাষ্ট্ৰপতিৰ এই টুইট অক্ষুণ্ণ ৰাখে ৷এই ঘটনাৰ আলম লৈ ফে’চবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গক কঠোৰভাৱে সমালোচনা কৰিলে স্বয়ং ফে’চবুক কৰ্মীয়ে ৷বিশ্বৰ বৃহত্তম ছ’চিয়েল নেটৱৰ্কিং ছাইটটো একাধিক কৰ্মীয়ে ফে’চবুকৰ মূৰব্বী জুকাৰবাৰ্গক এনে আচৰণ বাবে গৰিহণা দিছে ৷

ফে’চবুকৰ নীতিক লৈ একাংশ কৰ্মীয়ে যোৱা সপ্তাহৰ পৰাই তীব্ৰ আপত্তি প্ৰদৰ্শন কৰি আহিছে। ফ’ক্স নিউজৰ লগত হোৱা এক সাক্ষাৎকাৰত জুকাৰবাৰ্গে প্ৰকাশ কৰিছে “ৰাজনীতিবিদসকলৰ প’ষ্টৰ সত্যাসত্য সন্দৰ্ভত ফে’চবুকে কোনো অনুসন্ধান নকৰে ৷অৱশ্যে জুকাৰবাৰ্গে ফ’য়েডৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগত বৰ্ণবৈষম্যৰ বিৰুদ্ধে সংগ্ৰামত কৃষ্ণাংগৰ বাবে এক কোটি ডলাৰ ব্যয় কৰা বুলিও জানিবলৈ দিয়ে।

Exit mobile version