এন আৰ চিত বাদ পৰা ১৯ লাখৰ বিপৰীতে তিনি লাখলৈহে জাননী

nrc 5

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী(এন আৰ চি) ৰ পৰা নাম বাদ পৰা আবেদনকাৰীসকলৰ অধিকাংশৰেই ইয়াৰ কাৰণৰ স্পষ্ট তথ্য। ফলত সংশ্লিষ্ট লোকসকলক নাম বাদ পৰাৰ কাৰণ দৰ্শাই জাৰি কৰিবলগীয়া জাননী প্ৰস্তুত কৰিবলৈ গৈ থমকি ৰ’বলগীয়া হৈছে এন আৰ চি সঞ্চালকালয়ে । সঞ্চালকালয়ৰ সূত্ৰই এই কথা সদৰী কৰি জনোৱা মতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত বিগত বৰ্ষৰ ৩১ আগষ্টত এন আৰ চি সঞ্চালকালয়ে সম্পন্ন কৰা উন্নীতকৰণ এন আৰ চিৰ পৰা মুঠ ১৯,০৬,৬৫৭ জন আবেদনকাৰীৰ নাম বাদ পৰে ৷ এন আৰ চিৰ পৰা নাম বাদ পৰাসকলে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে নিৰ্ধ বিদেশী ন্যায়াধিকৰণৰ দ্বাৰস্থ হ’ব পাৰে।

ইয়াৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্যত অতিৰিক্তভাৱে এশখন নতুন বিদেশী ন্যায়াধিকৰণ স্থাপনৰ বাবে বিদেশী ন্যায়াধিকৰণৰ সদস্য নিযুক্তিকে ধৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰে । কিন্তু বিদেশী ন্যায়াধিকৰণৰ দ্বাৰস্থ হোৱাৰ সময়ত সংশ্লিষ্টসকলে এন আৰ চিৰ পৰা নাম বাদ পৰাৰ কাৰণ দৰ্শাই এন আৰ চি সঞ্চালকালয়ে এই পৰ্যন্ত যুগুত কৰিব পৰা নাই সংশ্লিষ্ট আবেদনকাৰীসকলৰ নাম বাদ পৰাৰ কাৰণ স্পষ্টকৈ জাৰি কৰিবলগীয়া জাননী ৷ অতি নগণ্য সংখ্যকৰ ক্ষেত্ৰতহে নাম বাদ পৰাৰ স্পষ্ট তথ্য থকা বুলি সূত্ৰটোৱে জনায়।

Exit mobile version