আহমেদাবাদত জীৱন্তে ৰোগীক মৃত সজালে হাস্পতালৰ কৰ্তৃপক্ষই

coronavirus 4833754 1920

জীৱন্ত ৰোগীক মৃত সজাই আনৰ হাতত তুলি দিয়াৰ দৰে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে আহমেদাবাদত । গুজৰাট কৰ্কট গৱেষণা প্ৰতিষ্ঠানত হাস্পতাল কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই সংঘটিত হয় এনে অবাঞ্ছিত ঘটনা । সবাতোকৈ ডাঙৰ কথা আনৰ এটা মৃতদেহ সৎকাৰ কৰি অহাৰ পাছত ভুক্তভোগী পৰিয়ালটিক হাস্পতালৰ পৰা খবৰ দিয়া হয় তেওঁলোকৰ ৰোগীৰ অৱস্থা ‘স্থিৰ’ হৈ আছে । ঘটনাৰ সূত্ৰপাত হয় যোৱা ২৮ মে’ত । সেই দিনা দুপৰীয়া স্থানীয় বিৰাট নগৰৰ বাসিন্দা ৭১  বছৰ বয়সীয়া দেবৰামভাই মোহনগুৰাও ভিচিক নামৰ লোকজনৰ শৰীৰৰ ‘ছুপাৰ লেভেল’ হঠাতে বৃদ্ধি পাবলৈ লয় ।

লোকজনে পূৰ্বৰে পৰা পানীলগা-কাহতো জৰ্জৰিত হৈ আহিছে । ফলত এক মুহূৰ্তও পলম নকৰাকৈ পৰিয়ালৰ লোকে ভিচিকক আহমেদাবাদ অসামৰিক চিকিৎসায়ত ভৰ্তি কৰে । বুকুৰ এক্সৰে কৰাৰ পাছত ৰোগীক ক’ভিড ৱাৰ্ডলৈ প্ৰেৰণ কৰা হয় ।একেটা দিনৰে সন্ধিয়া ভিচিকক কৰ্কট গৱেষণা প্ৰতিষ্ঠানলৈ স্থানান্তৰ কৰা হয় । ২৯ মে’ত পৰিয়ালৰ লোকক হাস্পতালৰ পৰা জনোৱা হয় যে তেওঁলোকৰ ৰোগীৰ কৰ’নাত মৃত্যু হৈছে । শোকগ্ৰস্ত পৰিয়ালৰ হাতত ইয়াৰ পাছত মৃতদেহ তুলি দিয়া হয় । ক’ভিড নিয়ম মানি প্লাষ্টিকৰ বেগত বান্ধি দিয়া মৃতদেহটোৰ স্বাভাৱিকতে পৰিয়ালৰ লোকে মুখখন দেখিবলৈ পোৱা নাছিল ।ৰোগীৰ লগত থকা সামগ্ৰীৰ পৰাই মৃতদেহটো ভিচিক বুলি নিশ্চিত হ’বলগীয়া হয় ।

শোকৰ মাজতে নিশাই মৃতকৰ সৎকাৰ কৰা হয় । এই পৰ্যন্ত সকলো ঠিকেই আছিল । কিন্তু ইয়াৰ পাছত জটিল হৈ উঠে পৰিস্থিতি।নিশা ডেৰ বজাত ভিচিকৰ জোৱায়েক নীলাচলৈ এটি ফোন আহে । অচিনাকি নম্বৰটিৰ পৰা ৩০ মে’ৰ পুৱা পুনৰ যোগাযোগৰ চেষ্টা কৰা হয় । ফোনটো গ্ৰহণ কৰাত আনটো মূৰৰ পৰা হাস্পতালৰ কল চেণ্টাৰ কৰ্মীয়ে জনায় ভিচিকৰ ক’ভিড-১৯ পৰীক্ষাত ফলাফল নিগেটিভ পোৱা গৈছে।সেয়েহে ৰোগীক ক’ভিড ৱাৰ্ডৰ পৰা স্থানান্তৰ কৰা হৈছে ৰোগীৰ অৱস্থাও স্থিৰ অৱস্থাতে আছে । এই কথা শুনাৰ পাছত পৰিয়ালৰ লোকসকলে প্ৰথমে নিজৰ কাণকে বিশ্বাস কৰিব পৰা নাছিল।তেন্তে নিশা সৎকাৰ কৰাজন কোন আছিল বুলিও মনত উদ্ভৱ হয় প্ৰশ্নৰ । মনত বহু প্ৰশ্ন লৈ হাস্পতালত উপস্থিত হয় পৰিয়ালৰ লোকসকল ।

হাস্পতালত পৰিয়ালটো উপস্থিত হোৱাৰ পাছত আৰম্ভ হয় অতি নতুন কাহিনী । হাস্পতালৰ পৰা জনোৱা হয় ভিচিকৰ ইতিমধ্যে মৃত্যু হৈছে । পুৱা কৰা ফোনটো ভুলতে তেওঁলোকলৈ গৈছিল । এই কথা শুনাৰ পাছত পৰিয়ালটো ঘৰলৈ উভতি আহে । সকলোকে আচৰিত কৰি দিনৰ আঢ়ৈ বজাত পুনৰ হাস্পতালৰ পৰা ফোন আহে পৰিয়ালটোলৈ এইবাৰ কোৱা হয় যে ভুল হোৱা নাই প্রকৃততে ভিচিক চিকিৎসাধীন হৈ আছে । বৰ্তমান ক্ৰমে সুস্থ হৈ উঠিছে ভিচিক স্বাভাৱিকতে ক্ষুব্ধ হৈ উঠা পৰিয়ালটিৰ ওচৰত হাস্পতাল কৰ্তৃপক্ষই নিজৰ গাফিলতি অস্বীকাৰ কৰি সকলো দোষ কল চেন্টাৰৰ কৰ্মীৰ ওপৰলৈ ঠেলি দিয়াৰ চেষ্টা কৰে । তথ্য বিভ্ৰান্তিৰ বাবেই এনে হোৱাৰো দাবী কৰে হাস্পতাল কৰ্তৃপক্ষই । কিন্ত দোষ যিকোনো পক্ষৰে নহওক কিয় নিৰ্যাতন ভোগ কৰিবলগীয়া হ’ল একমাত্ৰ ভিচিকিৰ পৰিয়ালটোৱেহে ।

Exit mobile version