কৃষ্ণাংগ হত্যাৰ বিৰোধিতা কৰা বলিউড তাৰকাই সাধু হত্যাৰ প্ৰতিবাদ কৰা নাছিলঃ কটাক্ষ অভিনেত্ৰী কংগনাৰ

80a52e48694a3a4cd7d19684e7745f52

আমেৰিকাৰ মিনিয়াপলিচত সংঘটিত হোৱা কৃষ্ণাংগ যুৱকৰ হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিলে বলিউডৰ কে’বাজনো তাৰকা অভিনেতা অভিনেত্ৰীয়ে ৷ বলিউড তাৰকাৰ কৃষ্ণাংগ হত্যাৰ প্ৰতিবাদৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে হিন্দী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰণৌটে । অভিনেত্ৰীগৰাকীয়ে অভিযোগ কৰি কয় যে দেশত সংঘটিত হোৱা অন্যায় অবিচাৰক লৈ এইসকল লোকৰ কোনো চিন্তা নাই । অথচ সাত সাগৰ সিপাৰে সংঘটিত হোৱা কৃষ্ণাংগ হত্যাত তেওঁলোকৰ বুকু বেদনাত ফাটি যায় ।

উল্লেখযোগ্য যে প্ৰিয়ংকা চোপ্ৰা, কৰিণা কাপুৰ আদিয়ে আমেৰিকাৰ কৃষ্ণাংগ হত্যাক কঠোৰভাৱে গৰিহনা দি মন্তব্য প্ৰকাশ কৰিছিল ৷ কংগনাই বলীউডৰ কোনো তাৰকাৰ নাম উল্লেখ নকৰাকৈ কৃষ্ণাংগ হত্যাকাণ্ডৰ প্ৰতিবাদকাৰীক কটাক্ষ কৰি এক সাক্ষাৎকাৰত কয়, কেইসপ্তাহমান পূৰ্বে সাধু হত্যাৰ ঘটনা সংঘটিত হৈছিল আৰু ইয়াতে সকলো বলীউড তাৰকাই বাস কৰে। আচলতে নামটোৱেই হলীউডৰ পৰা ধাৰ কৰা ,এইটো লজ্জাজনক যে তেওঁলোকে বুদবুদৰ দৰে জীয়াই থাকিবলৈ ভাল পায় আৰু দুই মিনিটৰ জনপ্ৰিয়তা লাভ কৰাটো তেওঁলোকৰ বাবে ইমান জৰুৰী যে বৃহত্তৰ দলত তেওঁলোক উটি ভাহি যায় ৷

Exit mobile version