ঘৰত নহয় গছৰ ওপৰত কোৱাৰেন্টাইনত এজন যুৱক

IMG 20200604 152917

মহামাৰী কৰ’নাৰ ভয়াৱহতাৰ পৰা ৰক্ষা কৰিবলৈ স্কুল, কলেজ, বিশ্ববিদ্যালয়, চিকিৎসালয়ত চৰকাৰ প্ৰশাসনে স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰৰ বিষয়ে আপুনি শুনিছে ৷ কিন্তু আজি আমি ক’ব বিছাৰিছো এজন যুৱকৰ পৃৃথক আৰু ব্যক্তিক্ৰমী কোৱাৰেন্টাইনৰ বিষয়ে । ঘৰত নহয় গছৰ ডালত টঙি ঘৰ সাজি এজন যুৱকে হৈ আছে কোৱাৰেন্টাইন ৷ সজাগ সচেতনতাৰে গাঁওখনক আৰু নিজক ৰক্ষা কৰিবলৈ এজন যুৱকে ঘৰৰ বাৰীৰ কাষতে থকা এডাল গছতে টঙি ঘৰ সাজি ১৪ দিনৰ কোৱাৰেন্টাইনত আছে ঢেকিয়াজুলিৰ অনছাইপুৰ গাঁৱৰ অমুছ বসুমতাৰী ৷ বহিঃৰাজ্যৰ পৰা অহা এই যুৱকজনক খাদ্য সামগ্ৰী যোগান ধৰিছে স্থানীয় ৰাইজে ।

উল্লেখযোগ্য যে বহিঃৰাজ্যৰ পৰা কষ্ট কৰি অসমলৈ উভতি আহি তেজপুৰ কেন্দ্ৰীয় বিশ্ব বিদ্যালয়ৰ জেনেৰেল স্কেনিং কেন্দ্ৰত অমুছ বসুমতাৰীয়ে স্কেনিং কৰাই, নমুনা আদি পৰীক্ষা কৰাৰ পিছত তিনিদিন কোৱাৰেন্টাইনত থকাৰ পিছত যুৱকজনক নমুনা পৰীক্ষাৰ ফলাফলত নিগেটিভ অহাত ১৪ দিনৰ হোম কোৱাৰেন্টাইনৰ বাবে পঠিয়াই ৷ সেই মৰ্মে যুৱকজন নিজ গাঁও ঢেকিয়াজুলিৰ অনছাইপুৰত উপস্থিত হয় যদিও ঘৰত প্ৰবেশ নকৰে।

কৰ’নাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যুৱক জনক হোম কোৱাৰেন্টাইন নকৰি গাঁওবাসীয়ে ১৪ দিন সুকীয়াকৈ থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে । যুৱকজনৰ এই ব্যতিক্ৰমী কাৰ্যই সম্প্ৰতি চৰ্চা লাভ কৰিছে । কাৰণ আনলক-১ ৰ মাজতে ৰাজ্যত বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্তৰ সংখ্যা । সেই সময়তে একাংশ লোকে তলাবন্ধৰ বহু নিয়ম উলংঘা কৰিলেও চহা মানুহে আদিম যুগত বসবাস কৰাৰ দৰেই কৰ’নাৰ যুঁজত এই ব্যতিক্ৰমী পদক্ষেপ অৱলম্বন কৰাটো এক নিদৰ্শন হিচাপে বিবেচিত হৈছে ৷

Exit mobile version