তলাবন্ধত ৮০ বছৰীয়া এজন কুলিৰ নিস্বাৰ্থ সেৱাক লৈ চৰ্চা ছ’চিয়েল মিডিয়াত

WhatsApp Image 2020 06 04 at 5.59.36 PM 1

বলীউডৰ অভিনেতা চনু সুডে বহিঃৰাজ্যত আৱদ্ধ লোকসকলৰ প্ৰতি দেখুওৱা মহানুভৱতাৰ সন্দৰ্ভত চৰ্চা চলি থকাৰ সময়তে, চৰ্চা চলিছে ৰেল ষ্টেচনত কুলি ৰূপে কৰ্মৰত মুঝিবুল্লাহ নামৰ এজন লোকৰ। মুঝিবুল্লাহে বিনামূলীয়াকৈ বহিঃৰাজ্যত আৱদ্ধ লোকসকলৰ বয় বস্তু কঢ়িওৱাৰ লগতে খাদ্য বস্তুও প্ৰদান কৰিছে। সম্প্ৰতি কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে । সেই সময়তে বলীউডৰ ষ্টাৰ চনু সুড আৰু স্বৰা ভাস্কৰে লোকসকলক নিজ গৃহত উপস্থিত হোৱাৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷তাৰ বিপৰীতে লক্ষ্ণৌৰ এটা ৰেল ষ্টেচনত ৮০ বছৰীয়া মুঝিবুল্লাহে বিনামূলীয়া সকলোকে সহায় কৰাৰ উপৰিও খাদ্যৰ যোগান ধৰিছে ৷

উল্লেখযোগ্য যে মুঝিবুল্লাহে দীৰ্ঘদিন ধৰি ষ্টেচনত কুলিৰূপে কাম কৰি আহিছে।কিন্তু এতিয়া মুঝিবুল্লাহৰ কাৰ্যক সকলোৱে আদৰ্শ আৰু প্ৰেৰণা ৰূপে গ্ৰহণ কৰিছে ৷ নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা মুঝিবুল্লাহক প্ৰশংসাৰে ওপচাই পেলাইছে ভাৰতীয় ক্ৰিকেট দলৰ বলাৰ মোহম্মদ কাইফে ৷ আনহাতে, মুঝিবুল্লাহে প্ৰতিদিনে ৮ পৰা ১০ ঘন্টা কাম কৰে । লগতে তেওঁ প্ৰায় ৫০ কিলোগ্ৰাম ওজন উঠাব পাৰে ।

ইফালে প্ৰবাসী শ্ৰমিকসকলক বিনামূলীয়াকৈ সহায় কৰাটো সাম্প্ৰতিক সময়ত তেওঁৰ কৰ্তব্য আৰু এয়া মহত্ত্বপূৰ্ণ কাম৷ পৰিস্থিতি স্বাভাৱিক হ’লেই তেওঁ পুনৰ উপাৰ্জন কৰিব পাৰিব যদিও সম্প্ৰতি আৰ্তজনক সহায় কৰাটোহে অতি প্ৰয়োজন বুলি মন্তব্য কৰে মুঝিবুল্লাহে। ক্ৰিকেটাৰ মোহম্মদ কেইফে মুঝিবুল্লাহৰ এখন ফ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি লিখিছে “মানৱতাৰ কোনো বয়স নাই। এইয়া লক্ষ্ণৌ চাহবাগ ষ্টেচনৰ ৮০ বছৰীয়া মুঝিবুল্লাহ ৷ পেছাত এজন কুলি ৷ বিনামূলীয়াকৈ প্ৰবাসীসকলক সহায় কৰা মুঝিবুল্লাহ এতিয়া সকলোৰে কাৰণে প্ৰেৰণাৰ উৎস ।

Exit mobile version