বৃহস্পতিবাৰে মহানগৰীৰ নয়ন ধৰ নামৰ এজন সোণৰ ব্যৱসায়ীয়ে পাণবজাৰ থানাত এক অভিযোগ দিয়ে যে, অজিত নামৰ এজন লোকে তেখেতক সোণৰ বিস্কুট দিব আৰু তাৰ বিনিময়ত তেওঁ ১০ লাখ টকা তেওঁ দিব লাগিব । এই কথা হোৱাৰ পাছত তেওঁৰ পৰা পাঁচখন সোণৰ বিস্কুট লৈছিল আৰু বিনিময়ত ১০ লাখ টকা লৈছিল। টকা লৈ যোৱাৰ পাছত তেখেতে গম পালে যে সোণৰ বিস্কুট কেইটা নকল আৰু লগে লগে পাণবজাৰ থানাত অভিযোগ দিয়ে । এই তথ্যৰ ভিত্তিত পাণ বজাৰ থানাৰ ষ্টাফ আৰু ক্ৰাইম ব্ৰান্সে যুটীয়া ভাৱে এক অভিযান চলায়। এই অভিযানটো চলোৱাৰ পিছত নুনমাটি, মালিগাঁও, দিছপুৰ আৰু চান্দমাৰীৰ চাৰিজন লোকক আটক কৰে। ইপিনে তেওঁলোকৰ পৰা পোৱা তথ্যৰ ভিত্তিতে আন এক অভিযান চলোৱা হয় হোজাইত । তাৰ পৰা ৭ লাখ ৩০ হাজাৰ টকা উদ্ধাৰ কৰা হয়। ইয়াৰ লগত কোন কোন জড়িত হৈ আছে তাৰ অভিযান বৰ্তমান অব্যাহত আছে ।
মহানগৰীত পাঁচখন নকল সোণৰ বিস্কুট বিক্ৰী কৰি আৰক্ষীৰ জালত ধৃত চাৰিজন লোক
-
By publisher
- Categories: Assam, City, News
- Tags: AssamPan BazaarPan Bazaar Police Station
Related Content
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
By
publisher
April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
By
publisher
April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
By
publisher
April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ !
By
publisher
April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
By
publisher
April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
By
publisher
April 23, 2026