ৰাছিয়াত তেজ খোৱা পোকৰ নতুন সন্ত্ৰাস

IMG 20200604 222049

কৰ’না ভাইৰাছৰ আতংকৰ সমান্তৰালভাৱেই ৰাছিয়াত আৰম্ভ হৈছে এক নতুন ত্ৰাস । ছাইবেৰিয়াৰ এটি বিস্তীৰ্ণ অঞ্চলজুৰি এটি তেজ খোৱা পোকে সৃষ্টি কৰিছে এই ত্ৰাসৰ । সম্প্ৰতি এই ত্ৰাসে ৰাছিয়াবাসীৰ মনৰ পৰা কৰ’না আতংকক ক্ষন্তেকলৈ হ’লেও পাহৰাই ৰাখিবলৈ সক্ষম হৈছে । এই পোকবিধ সাধাৰণতে অসমত দেখিবলৈ পোৱা ‘চিকৰা’ৰ দৰে যদিও ৰাছিয়াত এই পোকৰ কামোৰত ইতিমধ্যে বহু লোকৰ মৃত্যু হৈছে । এই পোকবিধৰ কামোৰৰ পৰা ৰক্ষা পৰিব পৰাকৈ ৰাছিয়াত এতিয়ালৈ তেনেকৈ প্ৰতিষেধকৰো সৃষ্টি হোৱা নাই ।অৱশ্যে ৰাছিয়াত এনে ধৰণৰ পোকৰ আক্ৰমণ এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও ৰাছিয়াত একে ধৰণৰ পোকৰ বহুকেইবাৰ ত্ৰাস চলিছিল; কিন্ত সবাতোকৈ ডাঙৰ কথাটো হ’ল ৰাছিয়াত এনে ধৰণৰ পোকৰ যেতিয়াই ত্ৰাস আৰম্ভ হয় ,তেনে সময়ত বহু লোকৰ মৃত্যু হৈ আহিছে।

এই পোকবিধৰ আক্ৰমণত ৰাছিয়াত শেহতীয়াকৈ এনকেফেলাইটিছ সদৃশ ৰোগৰ সংক্ৰমণ আৰম্ভ হৈছে।২০১৫ ত এনে পোকৰ কামোৰত ৰাছিয়াত ডেৰ লাখৰো অধিক লোকৰ মৃত্যু হৈছিল । ৰাছিয়াত বৰ্তমান বহু লোকে কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুৰ স’তে যুজঁ কৰি আছে । তাৰ মাজতেই এই তেজ খোৱা পোকৰ আক্ৰমণত আক্ৰান্ত হৈছে বহু লোক । পোকবিধৰ কামোৰত মানুহৰ মস্তিষ্ক ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে । ৰাছিয়াৰ আন এক অঞ্চল স্ভেয়াৰ্ডলাস্কত এই পোকৰ কামোৰত ১৭হেজাৰ ২৪২ জন লোক অসুস্থ হৈছে যিসকলৰ মাজত চাৰি হেজাৰ ৩৩৪ টি শিশুও আছে । ৰাছিয়াত এই ধৰণৰ পোক সাধাৰণতে ঘাঁহৰ মাজত থাকে । নিজৰ ওচৰে -পাঁজৰে কোনো মানুহৰ উপস্থিতি অনুভৱ কৰিলেই পোকবিধে আক্ৰমণ আৰম্ভ কৰে ।বিশেষজ্ঞসকলৰ মতে, শীত কালত তেজ খোৱা পোকবিধৰ আক্ৰমণ ব্যাপকভাৱে বৃদ্ধি পায় ।

Exit mobile version