কৰ’না প্ৰসাৰৰ মাজতে আৰম্ভ হ’ল বিজেপিৰ আনুষ্ঠানিক নিৰ্বাচনী তৎপৰতা

bjp flag pti 4411

দেশত ক’ভিড-১৯ ৰ ব্যাপক সংক্ৰমণে ব্যাপক পৰিস্থিতি সৃষ্টি কৰাৰ মাজতে বিজেপিয়ে ক্ষিপ্ৰ কৰি তুলিছে ৰাজনৈ তৎপৰতা । কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষপুতি আৰু দেশৰ কে’বাখনো ৰাজ্যত আগন্তুক এটা বছৰৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চলা এই তৎপৰতাত অসম দলটোৰ বাবে অন্যতম লক্ষ্য হৈ পৰিছে ৷ কাৰণ ১০ মাহ পাছতে  অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত কৰ’না আক্ৰান্ত লোকৰ দ্ৰুত প্ৰসাৰৰ মাজতে আজিৰ পৰা আনুষ্ঠানিক প্ৰচাৰো আৰম্ভ হয়।

কৰ’না পৰিপ্ৰেক্ষিতত প্ৰচাৰৰ কৌশলতো পৰিৱৰ্তন অনা দলটোৱে প্ৰথমখন ভাৰ্ছুৱেলী ৰেলী অনুষ্ঠিত কৰে । এই সভাত ভাষণ দিয়ে যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভানেত্ৰী পুনম মহাজনে। কেন্দ্ৰীয় চৰকাৰৰ কাম কাজৰ খতিয়ান যুৱ নেত্ৰীগৰাকীয়ে দাঙি ধৰে ৷ উল্লেখযোগ্য যে অসমত পৰৱৰ্তী চৰকাৰো গঠনৰ লক্ষ্যৰে বিজেপিয়ে মিত্ৰ দলৰে মিলি এশতকৈ অধিক সমষ্টি দখলৰ লক্ষ্য ঘোষণা কৰিছে ৷ নিৰ্বাচনী প্ৰচাৰত সদায় চমক দিয়া দলটোৱে চলিত সংকটৰ মাজতো তথা বহু আগতীয়াকৈ লক্ষ্যত উপনীত হ’ব পৰাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তোলাত জোৰ দিছে। তাৰেই আজি হাতে কামে আনুষ্ঠানিক ৰূপ দিয়া হয়।

ভাৰ্ছুৱেলী ৰেলী নাম দিয়া ৰাজহুৱা সভাৰ আধুনিক ৰূপটোত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাকে ধৰি দলৰ শীৰ্ষ ৰাষ্ট্ৰীয় নেতাসকলেও ভাষণ প্ৰদান কৰিব । একেদৰে ৰাজ্য চৰকাৰৰ চাৰি বছৰৰ সফলতাবোৰক দাঙি ধৰাত অগ্ৰাধিকাৰ দি শীঘ্ৰে “ভাৰছুৱেল  ৰেলী”ত অংশ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰীবৰ্গ, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আদিয়ে ।

Exit mobile version