চিৰাঙত ধোৱাচাঙত বিজ্ঞান, অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত সমাজ ব‍্যৱস্থা

বিহাৰ, উত্তৰ প্ৰদেশৰ পিছত এইবাৰ অসম পালে মা কৰ’না পূজা। মহামাৰী কৰ’নাক প্ৰতিহত কৰিবলৈ চলিছে পূজা-অৰ্চনা। বিজ্ঞানৰ অস্তিত্ব ধোৱাচাঙত তুলি চিৰাং জিলাৰ বাসুগাঁওৰ গাওঁবাসীয়ে সম্পন্ন কৰিলে মা কৰ’না পূজা। যি সময়ত কৰ’নাক প্ৰতিৰোধ কৰিবলৈ চিকিৎসা বিজ্ঞানে ঢুকি পোৱা নাই ঠিক সেই সময়তে কৰ’না পূজা দেখি হতবাক হৈ পৰিছে সচেতন মহল। চিৰাং জিলাৰ বাসুগাঁওৰ ষ্টেচন ৰোডৰ একাংশ লোকে অনুষ্ঠিত কৰে এই মা কৰ’না পূজা। পূজাৰ বিধান মতে ৰাতিপুৱা লঘোণে থাকি নটা মিঠাই, নটা ফুল, নটা লং, আৰু ৯ডাল ধূপকাঠিৰ সৈতে কলপাতৰ ওপৰত নদীৰ পাৰত কৰিব লাগে কৰ’না পূজা। পূজাৰ অন্তত এনেদৰে মন্তব্য কৰে পূজা অৰ্চনা কৰা মহিলা সকলে।

ADVERTISEMENT

ইপিনে এই কৰ’না পূজাক সন্দৰ্ভত সচেতন মহলে হতভাগ হৈ পৰি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে । য’ত দিনে নিশাই গৱেষণা কৰিও এই সমস‍্যাৰ সমাধান দিব পৰা নাই চিকিৎসা বিজ্ঞানে তেনে সময়ত অন্ধ বিশ্বাসৰ কবলত পৰি এইসকল লোকে সমাজক পিচুৱাই নিব বুলিও দাবী কৰিছে সচেতন মহলে। বিজ্ঞানৰ অস্তিত্ব নস‍্যাৎ কৰি ধৰ্মৰ দোহাই দি অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এইদৰে কৰ’নাৰ পৰা।পৰিত্ৰাণ পাবৰ বাবে পূজা কৰা লোক সকলে সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰা, কোৱাৰেন্টাইন ইত্যাদি নিয়মবোৰ মানিবনে ? এই লৈ নানান আলোচনা হোৱাও পৰিলক্ষিত হৈছে। কিন্ত প্ৰশাসনিক ভাৱে এই সমূহ অন্ধবিশ্বাসী কৰ্মকাণ্ডৰ বিৰুদ্ধে এতিয়াই কোনো ব‍্যৱস্থা গ্ৰহণ নকৰিলে হয়তো পৰিস্থিতি বেয়া হোৱাৰ সম্ভাৱনাই অধিক বুলি বহুতেই দাবী কৰিছে ।

Exit mobile version