খাদ্য সামগ্ৰীৰ ভয়াৱহ মূল্যবৃদ্ধিয়ে মাধমাৰ দিছে সাধাৰণ গ্ৰাহকক

519387 vegetables

তলাবন্ধৰ সময়ছোৱাত শ্ৰমজীৱী ৰাইজৰ সুবিধা হোৱাকৈ খাদ্য আৰু যোগান বিভাগে নিৰ্ধাৰণ কৰি দিয়া মূল্যক ভেঙুচালি কৰি ৰাজ্যত পুনৰ অনিয়ন্ত্ৰণিত হৈ পৰিছে বজাৰ ।প্ৰতিবিধ খাদ্য সামগ্ৰীত নিজ ইচ্ছানুসৰি অধিকাংশ খুচুৰা ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰি সাধাৰণ জনতাক মাধমাৰ সোধাইছে ৷এই ক্ষেত্ৰত খাদ্য আৰু যোগান বিভাগে কেৱল মূল্য নিৰ্ধাৰণ কৰিয়েই দায়িত্ব সামৰাৰ ফলত বিভাগৰ নিষ্কিয়তাৰ সুযোগ গ্ৰহণ কৰি পাইকাৰী বজাৰত ১৬-১৭ টকীয়া পিয়াঁজ ২৫-৩০ টকাত,২২ টকাৰ আলু ৩০-৩২ টকাত বিক্ৰী কৰিছে অসাধু ব্যৱসায়ীসকলে ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত তলাবন্ধৰ ফলত দিয়া আৰ্থিক দৈন্যৰ সময়ত এই আকাশলংঘী মূল্যবৃদ্ধিয়ে সমস্যা সৃষ্টি কৰিছে সাধাৰণ জনতাক ৷উল্লেখযোগ্য যে তলাবন্ধৰ সময়ছোৱাত খাদ্য আৰু যোগান বিভাগে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মহানগৰীত প্ৰতি কিলোগ্ৰাম আলু ১৮/২০ টকা,পিয়াঁজ ১৮/২৩,মচুৰ দাইল(ডাঙৰ ৫০/৬৭),মচুৰ দাইল(সৰু৬০/৭০),আদিত মূল্য নিৰ্ধাৰণ কৰি দিছিল যদিও প্ৰতিবিধ সামগ্ৰীত ব্যাপক হাৰত মূল্য বৃদ্ধি হৈছে ।ইয়াৰোপৰি প্ৰতিবিধ চাউলৰ মূল্য তিনি চাৰি টকা পৰ্যন্ত বৃদ্ধি হৈছে ।

ইফালে শাক পাছলিৰ ক্ষেত্ৰতো একেই ঘটনা সংঘটিত হৈছে। কিন্তু এই ক্ষেত্ৰত কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ যোগান বিভাগ। মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত ৰাজ্যত এনে এটা বিভাগ আছে বুলি কোনোৱে হয়তো উপলব্ধি নকৰে ৷ইফালে তলাবন্ধৰ সময়ত মহানগৰীত শাক পাছলিৰ মূল্য প্ৰশাসনে নিৰ্ধাৰণ কৰি দিছিল যদিও বৰ্তমান সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। তলাবন্ধৰ মাজতে মহানগৰ জিলা প্ৰশাসনে মহানগৰীৰ প্ৰায় ৯০ টা স্থানত পাইকাৰী মূল্যত শাক পাছলি যোগানৰ ব্যৱস্থাৰ কথা প্ৰকাশ কৰিছিল যদিও সেই ব্যৱস্থা বৰ্তমান সময়ত বগাহাতীলৈ পৰ্যবেসিত হোৱাৰ উপক্ৰম ঘটিছে ৷সম্প্ৰতি সাধৰণ লোকৰ জীৱন যাপন কৰাটো এতিয়া ডাঙৰ সমস্যা হৈছে ।

Exit mobile version