নৱম স্থান লাভ কৰি মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে অভিনৱ গগৈয়ে

9TH AVIANAB GOGOI MORAN

অসম মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত মৰাণৰ অভিনৱ গগৈয়ে নৱম স্থান লাভ কৰি সমগ্ৰ মৰাণ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে । চৰাইদেউ জিলাৰ অন্তৰ্গত মৰাণ নগৰৰ চেন্ট যোচেফ হাইস্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা অভিনৱ গগৈয়ে অসমীয়াত ৯৬ , ইংৰাজীত ৯৮, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত -৯৪ , সমাজ বিজ্ঞানত ৯৭ , উচ্চ গণিতত ১০০ নম্বৰেৰে সৰ্বমুঠ ৫৮৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।

মৰাণ অইল ইণ্ডিয়াৰ কৰ্মচাৰী বাস্তৱ গগৈ আৰু মানসী খাউণ্ড গগৈৰ পুত্ৰ অভিনৱ গগৈয়ে ভৱিষ্যতে চিকিৎসক হোৱাৰ মন বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে । অভিনৱ গগৈয়ে নৱম স্থান লাভ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে আজি পুৱাৰে পৰা মৰাণ তৈল ক্ষেত্ৰত থকা আবাস গৃহত ৰাইজৰ সমাগম হয় । বিভিন্ন সংগঠনৰ লগতে আত্মীয়-স্বজনে ফুলাম গামোচাৰে ছাত্ৰ জনক সম্বৰ্ধনা জনায় । ছাত্ৰ জনৰ এনে সাফল্যত সমগ্ৰ চৰাইদেউ জিলা খনৰ লগতে মৰাণ অঞ্চলৰ ৰাইজ উৎফুল্লিত হৈ পৰে ।

Exit mobile version