মৰিগাঁৱত উজ্জ্বলিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৰিয়াজ আলি

IMG 20200606 WA0061

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে মৰিগাঁও জিলাৰ মিকিৰ ভেটা থানাৰ অন্তৰ্গত টোকোনাবৰীৰ এখন পিছপৰা গাঁৱলৈ আনিছে আনন্দৰ বন্যা ৷ গাঁৱখনৰ অতি দ্ৰৰিদ্ৰ পৰিয়ালৰ সন্তান ৰিয়াজ আলি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈও হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰিয়াজে অসমীয়াত ৯২, ইংৰাজীত ৯৪, গণিতত ৯৩, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯০, এগ্ৰৰী কালছাৰ এণ্ড হৰ্ট, এন এচ বি ডি এফ(ই)১০০ নম্বৰেৰে মুঠ ৫৬৯ পাবলৈ সক্ষম হৈছে ।

গুৱাহাটী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ থকা ৰিয়াজৰ এই সাফল্যত সম্প্ৰতি আনন্দৰ বন্যা বৈছে  ৷ উল্লেখযোগ্য যে ৰিয়াজৰ পিতৃও ২০০৮ চনৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে । এখন সৰু পান দোকানেৰে জীৱন সংগ্ৰাম কৰা ৰিয়াজৰ পিতৃয়ে তেওঁক চিকিৎসাৰ লগতে পঢ়া শুনাতো আগবঢ়াই নিছিল । ৰোগত আক্ৰান্ত হৈও হাইস্কুল শিক্ষান্ত পৰীক্ষাত দেখুওৱা ৰিয়াজৰ কৃতিত্বই সকলোৰে কাৰণ প্ৰেৰণা হৈ পৰিছে ।

Exit mobile version