কলিয়াবৰৰ গ্ৰামোন্নয়ন বিভাগৰ আঁচনিত ব‍্যাপক অনিয়ম

durniti

গ্ৰামোন্নয়নৰ নামত লুণ্ঠনৰ কৰ্মস্থলীলৈ পৰ্যবেক্ষিত হৈছে কলিয়াবৰৰ গ্ৰামোন্নয়ন বিভাগ ৷ পঞ্চায়তৰ অলিয়ে-গলিয়ে, পদুলিয়ে সংঘটিত হৈছে অনিয়ম, দূৰ্নীতি ৷ সকলো দেখি শুনিও ৰহস্যজনকভাৱে ধৃতৰাষ্ট্ৰৰ ভুমিকাত অৱতীৰ্ণ হৈছে সংশ্লিষ্ট বিভাগৰ বৰমুৰীয়াৰ লগতে স্বচ্ছ আৰু নিকা সমাজৰ জয়গান গোৱা দলৰ জনপ্ৰতিনিধি ৷ বহু সময়ত সকলো মিলি আৰম্ভ কৰিছে এই দূৰ্নীতিৰ বজাৰ ৷ এই সকলো দেখি শুনিও অসহায় হৈ ৰৈছে সাধাৰণ জনতা ৷ কলিয়াবৰ মহকুমাৰ পঞ্চায়তসমূহত এতিয়া দূৰ্নীতিৰ এক চিনাকি ছবি ৷ এই সকলো পঞ্চায়তৰে ক্ষেত্ৰত দূৰ্নীতিৰ শিখৰত অৱগাহন কৰিছে পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰঘূলী গাঁও পঞ্চায়তে ৷ কলিয়াবৰ মহকুমাৰ পশ্চিম কলিয়াবৰ উনয়ন খণ্ডৰ বিভাগীয় বিষয়া-কৰ্মচাৰীৰ ছত্ৰছায়াত বৰঘূলী গাওঁ পঞ্চায়তত সংঘটিত হৈছে ব‍্যাপক দুৰ্নীতি । প্ৰতিটো আঁচনিতে সংঘটিত হৈছে ব‍্যাপক দুৰ্নীতি ।

বৰঘূলী গাঁও পঞ্চায়তৰ অতি পিছপৰা ২ নং ভুৰবন্ধা গাঁৱত শেহতীয়াকৈ সংঘটিত হৈছে অবাধ দুৰ্নীতি । পঞ্চায়তৰ বিষয়া-কৰ্মচাৰীৰ লগতে সভাপতিকে ধৰি আন পঞ্চায়ত প্ৰতিনিধিসকলে এই দুৰ্নীতি কৰাৰ অভিযোগ কৰিছে স্বয়ং গাঁৱবাসীয়ে। প্ৰধানমন্ত্ৰী আবাস যোজনাৰ প্ৰতিটো ঘৰ দিয়াৰ নামত হিতাধিকাৰীয়ে দিব লাগে ১০ ৰ পৰা ১৫ হাজাৰ টকা। গাঁৱখনত বছৰ বছৰ বসবাস কৰা লোকৰ নাম তালিকাত থাকিলেও তেওঁলোকক চৰকাৰী ঘৰৰ পৰা বঞ্চিত কৰি গাঁৱখনলৈ নতুনকৈ আগমন ঘটা লোকক যিসকলৰ ভোটাধিকাৰেই নাথাকে সেইখন গাঁৱত সেইসমুহ পৰিয়ালকহে বৃহৎ ধনৰ বিনিময়ত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ আবন্টন দিয়াৰো অভিযোগ কৰিছে ২ নং ভুৰবন্ধা গাঁৱৰ ৰাইজে । শেহতীয়াকৈ কৰ’না মহামাৰীৰ পৰা পৰিত্ৰানৰ বাবে ভাৰত চৰকাৰে দিয়া দীঘলীয়া তলাবন্ধৰ সময়ত ৰেচন কাৰ্ড লাভ নকৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক ঘৰতে থাকি এমুঠি খাবৰ বাবে চৰকাৰে দিয়া ১০০০ টকাৰ মাত্ৰ ৬০০ বা ৬৫০ টকাকৈহে বৰঘূলী গাওঁ পঞ্চায়তৰ বিষয়া-কৰ্মচাৰীৰ লগতে সভাপতি আৰু ওৱাৰ্ড মেম্বাৰে বিতৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ।

গাঁৱখনৰ ৰামসাগৰ চৌহান, ৰামচন্দ্ৰ চৌহান, ৰতি দাস, হৰিলাল চৌহান, বিমল দাস, অবনি দাস, হাৰলাল চৌহান, পুতিয়া চৌহান আৰু বেলা দাসকে আদি কৰি বহু কেইগৰাকী হিতাধীকাৰীয়ে দিয়া অভিযোগ অনুসৰি বৰঘূলী গাঁও পঞ্চায়তৰ সভাপতি চুৰাব আলি আৰু ৱাৰ্ড মেম্বাৰসকলে প্ৰতিগৰাকী হিতাধীকাৰীৰ হাতত ১০০০ টকা দি এখন ফটো লোৱাৰ পাছত পুনৰ ১০০০ টকা ঘুৰাই লয় আৰু পাছত হিতাধীকাৰী গৰাকীক প্ৰদান কৰে ৬০০ অথবা ৬৫০ টকা। এইয়া স্বয়ং হিতাধিকাৰীয়ে দিয়া অভিযোগ। অতি পিছপৰা ২ নং ভুৰবন্ধা গাঁওখনত মুঠতে পঞ্চায়তৰ প্ৰতিটো আঁচনিতে সংঘটিত হৈছে ব‍্যাপক লুণ্ঠন। ইয়াৰোপৰি আন আন আঁঁচনিৰ ক্ষেত্ৰতো দূৰ্নীতিৰ অভিযোগ দীৰ্ঘদিনৰ ৷ এতিয়া দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোনোৱালৰ চৰকাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত সংঘটিত এনেবোৰ দুৰ্নীতিৰ তদন্ত কৰিবনে বুলিও প্ৰশ্ন তুলিছে ভুক্তভোগী গঞাই । ৰাইজৰ দাবী চৰকাৰে অতি সোনকালে সমগ্ৰ বিষয়টো উচিত তদন্তৰ জৰিয়তে পিছপৰা গাঁৱখন দুৰ্নীতিত জড়িত থকা সকলক উচিত শাস্তি প্ৰদান কৰি গাঁৱখনত চৰকাৰী আঁচনি সফল কৰি ৰাইজক সহায় কৰিব। কলিয়াবৰৰ বৰঘূলী গাঁঁও পঞ্চায়তৰ এই দূৰ্নীতিৰ ছবিখন মাথো এক উদাহৰণহে ৷

Exit mobile version