- প্ৰায় সাতমাহ পৰ্যন্ত বিশ্বত কৰ’না ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ এই পৰ্যন্ত সমগ্ৰ বিশ্বত কৰ’নাত আক্ৰান্ত হৈছে ৬,৮৯১,২১৩ জন,সুস্থ হৈ উঠিছে ৩,৯৯,৭১৮ জন ৷ আৰু মৃত্যু হৈছে ৩,০৮৫,৮২৯ জন ৷
- ইফালে আমেৰিকাৰ নিউয়ৰ্কত শনিবাৰে প্ৰায় ৩৫ জন লোক কৰ’নাত সংক্ৰমিত হয় । বিগত দুমাহৰ ভিতৰত নিউয়ৰ্কত মৃত্যুৰ সংখ্যা হ্ৰাস পাইছে ৷
- পাকিস্তানত কৰ’নাৰ সংক্ৰমিত সংখ্যাই এক লাখ অতিক্ৰম কৰিলে ৷ইয়াত এতিয়ালৈকে দুহেজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। বিগত ২৪ ঘন্টাত ৪ হাজাৰ ৯৬০ জন লোক আক্ৰান্ত হৈছে কৰ’নাত ৷তথাপিও প্ৰধানমন্ত্ৰী ইমৰান খানে কয় যে পাকিস্তানত তলাবন্ধৰ প্ৰযোজ্য নহয় । কাৰণ সমগ্ৰ দেশখনত দিয়া তলাবন্ধত আৰ্থিক অৱস্থা অধিক শোচনীয় হৈ পৰিব ৷
- ইৰাকতো কৰ’না ভাইৰাছ হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৷ সেয়েহে ইৰাকত ১৩ জুনৰ পৰা এসপ্তাহৰ কাৰণে কাৰ্ফিউ জাৰি কৰিছে ৷ ইৰাকৰ প্ৰধানমন্ত্ৰী মুস্তাফা অল খাদিমীয়ে শনিবাৰে এই কথা ঘোষণা কৰে ৷ দেশখনত কৰ’না ভাইৰাছ হৈ প্ৰায় ৩৩ জন লোকৰ মৃত্যু হোৱাৰ পিছতেই এই সিদ্ধান্ত লয় ইৰাক চৰকাৰে।
- বিট্টেইনত চৰকাৰে ১৫ জুনৰ পৰা লোকসকলৰ কাৰণে চাৰ্চসমূহ মুকলি কৰি দিবলৈ অনুমতি প্ৰদান কৰিছে ৷ অৱশ্যে ইয়াৰ কাৰণে নিৰ্দিষ্ট কৰি দিছে কিছুমান নিয়ম ৷ ইফালে প্ৰধানমন্ত্ৰী ব’ৰিছ জনছনে দেশখনত ৰেষ্টুৰেণ্টত খোৱা আৰু বিয়া আদিৰ দৰে ৷
- ব্ৰাজিলত এটা ৱেবছাইটৰ পৰা কৰ’না সকলো তথ্য আঁতৰাই দিয়া হ’ল ৷ এই ৱেবছাইটত ব্ৰাজিলত কৰ’না আক্ৰান্তৰ সংখ্যা, মৃত্যু হোৱা লোকৰ সংখ্যা,স্বাস্থ্য কৰ্মীসকলৰ আক্ৰান্তৰ সকলো পৰিসংখ্যা আছিল ৷ এই পৰ্যন্ত ব্ৰাজিলত ৬ লাখ ৭২ হাজাৰতকৈ অধিক লোক কৰ’নাত সংক্ৰমিত হৈছে । আৰু মৃত্যু সংখ্যাও আমেৰিকাক ইতিমধ্যে পিছ পেলাইছে ।
- চীনত পুনৰ বিগত ২৪ ঘন্টাত ৬ টা নতুন কৰ’নাত আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ৷ চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ অনুসৰি কৰ’নাত আক্ৰান্ত ৬ জনৰ ভিতৰত ৫ জন বিদেশৰ পৰা আহিছিল ৷ লগতে কোনো ধৰণৰ লক্ষণ বা ভ্ৰমণ ইতিহাস নথকাকৈও কৰ’নাত আক্ৰান্ত হৈছে চীনত।
- উল্লেখযোগ্য যে ভাৰতবৰ্ষত এই পৰ্যন্ত ২,৪৬,৬২৮ জন লোক কৰ’নাত আক্ৰান্ত হৈছে । কৰ’নাত আক্ৰান্ত হৈ সুস্থ হৈ উঠিছে ১,১৯,২৯২জন ৷ আৰু মৃত্যু হৈছে ৬,৯২৯ ৷